নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যবাসীৰ মংগলৰ অৰ্থে ঢেকীয়াখোৱা বৰনামঘৰত আশিস ল’লে সপত্নীক মুখ্যমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ: পৱিত্ৰ ভাদ মাহ উপলক্ষে সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে ঢেকীয়াখোৱা বৰনামঘৰত ৰাজ্যবাসীৰ মংগলৰ অৰ্থে সেৱা আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

ঢেকীয়াখোৱা বৰনামঘৰত অসম দৰ্শন আৰু আনটাইড ফাণ্ডৰ অধীনত বহুতো উন্নয়নমূলক কাম চলি আছে৷ আন্তঃগাঁথনি সবলীকৰণৰ বাবে আনটাইড ফাণ্ডৰ অধীনত অতিৰিক্ত এক কোটি টকা প্ৰদান কৰা হ’ব৷

লগতে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা জাঁজীমুখ সংযোগী আৰু ঢেকীয়াখোৱা বৰনামঘৰ আলিমূৰৰ মূল তোৰণৰ পৰা বৰনামঘৰ সংযোগী ৩ কিঃমিঃ পথ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ ঢেকীয়াখোৱা বৰনামঘৰত আশিস লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এই ভ্ৰমণকালত সতীৰ্থ মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া, সাংসদদ্বয় ক্ৰমে কামাখ্যা প্ৰসাদ তাছা আৰু তপন কুমাৰ গগৈ, প্ৰাক্তন সাংসদ তথা ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ সহঃ উপাধ্যক্ষ ৰমেন ডেকা উপস্থিত থাকে৷

You might also like