নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ কেন্দ্রীয় লোকসেৱা আয়োগ, চমুকৈ ইউ পি এছ চিৰ অসামৰিক সেৱাৰ মূল পৰীক্ষাৰ ফলাফল শুকুৰবাৰে ঘোষণা কৰা হয়৷ ঘোষিত ফলাফল অনুসৰি ৭৬১গৰাকী পৰীক্ষার্থী উত্তীর্ণ হৈছে৷ ইয়াৰ ভিতৰত ৫৪৫ পুৰুষ আৰু ২১৬ মহিলা পৰীক্ষার্থী৷
ইয়াৰ মাজতে তালিকাত থকা এটা নামক লৈ সকলো ফালে চৰ্চা চলিছে। এই নামটো হৈছে ৰিয়া ডাবীৰ। ৰিয়া ডাবী হৈছে আইএএছ বিষয়া টিনা ডাবীৰ ভগ্নী, যিয়ে ২০১৫ চনত ইউ পি এছ চি অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছিল।
ইউপিএছচিৰ ফলাফল প্ৰকাশ কৰাৰ লগে লগে টিনাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত লিখিছিল, “মই জনাবলৈ পাই সুখী যে মোৰ সৰু ভগ্নী ৰিয়া ডাবীয়ে ইউপিএছচি ২০২০ পৰীক্ষাত ১৫ তম স্থান লাভ কৰিছে। “
আইএএছ বিষয়া টিনা ডাবী বৰ্তমান ৰাজস্থান চৰকাৰৰ বিত্ত বিভাগৰ যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
উল্লেখ্য যে অসামৰিক সেৱা পৰীক্ষাৰ ফলাফল ইউপিএছচিৰ অফিচিয়েল ৱেবছাইট upsc.gov.in আৰু upsconline.nic.in প্ৰকাশ কৰা হৈছে।