সোপাধৰাৰ আতংকত শংকিত চন্দ্রপুৰবাসী
নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ মহানগৰীৰ বৃহত্তৰ চন্দ্রপুৰ অঞ্চলত এতিয়া বহিঃৰাজ্যৰ সোপাধৰাৰ আতংকই বিৰাজ কৰিছে৷ সোপাধৰাৰ আতংকৰ মাজতেই আৰক্ষীয়ে দুটা সোপাধৰাক আটক কৰিবলৈ সক্ষম হৈছে৷ জানিব পৰা মতে, উত্তৰ প্রদেশৰ হৰবীৰ সিং (৩৬) আৰু কালে সিং দিগোৱা নামৰ লোক দুজনে বিভিন্ন কোম্পানীৰ সামগ্রী বিক্রী কৰাৰ বাবে গোৱর্ধন অঞ্চলত ঘূৰি ফুৰিছিল৷
ঘটনাৰ বিৱৰণী অনুসৰি জানিব পৰা মতে যোৱা ২৪ ছেপ্টেম্বৰত আটক কৰা দুই ব্যক্তিয়ে নিজ গোৱর্ধনত মৰমী নেওগ নামৰ মহিলাগৰাকীৰ ঘৰত প্রৱেশ কৰে৷ সেই সময়ত তিনিটি শিশুৱে ঘৰত খেলি আছিল৷ কর্মসূত্রে মহিলাগৰাকী ওলাই যাবলগীয়া হোৱাত বাহিৰৰ দিশৰ পৰা তলা মাৰি গৈছিল৷ আটাইকেইগৰাকী শিশুৱে বাৰাণ্ডাত খেলি থকাৰ সময়তে লোক দুজনে চৌহদত প্রৱেশ কৰে৷ সেই সময়ত ঘৰত কোনো নথকা বুলি জানিব পাৰি এজনে বাৰাণ্ডাৰ গ্রিলৰ ফাঁকেৰে হাত সুমুৱাই প্রায় ৮ বছৰীয়া এটি শিশুক চুলিত ধৰি বাহিৰলৈ উলিয়াই আনিবলৈ অপচেষ্টা চলায়৷ তেতিয়া লগত থকা আন এটি শিশুৱে টানি নি কোঠাৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি দিয়ে৷ শিশুকেইটাই প্রকাশ কৰা মতে আশ্চর্যকৰভাৱে তাৰ পিছতো ব্যক্তি দুজনে খিৰিকীৰ গ্লাছেৰে জুমি জুমি শিশুকেইটিক চোৱাৰ চেষ্টা কৰে৷ কিন্তু ভিতৰত প্রৱেশৰ কোনো সুবিধা নেদেখি আঁতৰি যায় ব্যক্তি দুজন৷
পিছত পৰিয়ালৰ লোক অহাত সকলো বিৱৰি কোৱাত মৰমী নেওগে প্রাগজ্যোতিষপুৰ থানাত এখন এজাহাৰ দাখিল কৰে যদিও কোনো শুংসূত্র নাপালে আৰক্ষীয়ে৷কিন্তু সেই দুই ব্যক্তিয়ে কালি পুনৰ গোভালি অঞ্চলত প্রৱেশ কৰি একেদৰে সামগ্রী পৰিষ্কাৰ কৰা দ্রব্য বিক্রী কৰাৰ সময়তে আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে৷ পিছত আৰক্ষীয়ে উভতি আহি থকা সময়ত তালাচী চকীত আটক কৰে৷ পিছত আনকি ভুক্তভোগী শিশুকেইটিয়ে দুয়োকে চিনাক্ত কৰাত ভাৰতীয় দণ্ডবিধিৰ অধীনত ৪৪৭/৩৬৫/৫১১/৩৪ ধাৰাৰ অধীনত ৩০৩ নম্বৰত এটা গোচৰ ৰুজু কৰি গ্রেপ্তাৰ কৰিছে দুয়োকে৷ লগতে এম এইচ ২৩ বি এ ৯৯৮৪ নম্বৰৰ বাইক এখনো জব্দ কৰিছে আৰক্ষীয়ে৷ উত্থাপিত অভিযোগ মতে সামগ্রী বিক্রীৰ জৰিয়তে শিশু সৰবৰাহকাৰী বুলি সন্দেহ কৰিছে ৰাইজে৷ জানিব পৰা মতে এই চক্রটোৱে মহানগৰীৰ পল্টন বজাৰৰ পি চি চি হোটেলত বিগত ২০ বছৰ ধৰি থাকি এনে ব্যৱসায় কৰি আছে৷ চক্রটোৰ লগত আন বহুকেইজন জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ আজি দুয়োকে আদালতত হাজিৰ কৰোৱাৰ পিছত হাজোতলৈ প্রেৰণ কৰিছে৷