জার্মানীৰ নির্বাচনঃ কম ব্যৱধানত পৰাজিত এঞ্জেলা মার্কেলে হেৰুৱাব ক্ষমতা
নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ ইউৰোপৰ বৃহত্তম অর্থনীতিৰ দেশ জার্মানীৰ নির্বাচনৰ ফলাফলত বর্তমানৰ চেঞ্চেলৰ এঞ্জেলা মার্কেলৰ দল কম ব্যৱধানত পৰাজিত হ’ল ছ’চিয়েল ডেমক্রেটৰ হাতত৷ কম ব্যৱধানত জয়ী হোৱা ছ’চিয়েল ডেমক্রেটে শাসনৰ ভাৰ নিজৰ হাতত আনিবলৈ প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ মার্কেলৰ পৰৱর্তী দেশখনৰ মুৰব্বী নির্বাচনত কিছু পলম হোৱাৰ সম্ভাৱনা আছে৷ অর্থাৎ চৰকাৰ গঠন প্রক্রিয়া দীঘলীয়া হ’ব পাৰে৷
মন কৰিবলগীয়া যে মার্কেলৰ দলৰ বিপৰীতে দেশখনৰ জনসাধাৰণে তিনিদল ছ’চিয়েল ডেমক্রেটছ, গ্রীন্ছ আৰু ফ্রী ডেমক্রেটক আদৰি লৈছে৷ সেয়েহে পৰৱর্তী চৰকাৰ এই তিনি দলৰ দ্বাৰা গঠন হ’ব৷ নির্বাচনৰ ফলাফলত ছ’চিয়েল ডেমক্রেটছে ২৫.৭ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে৷