হেলমণ্ডত দাড়ি খুৰোৱা–ষ্টাইলিছ হেয়াৰ ষ্টাইল নিষিদ্ধ তালিবানৰ
নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ আফগানিস্তানৰ হেলমণ্ড প্রদেশত দাড়ি খুৰোৱা আৰু ষ্টাইলিছ হেয়াৰ ষ্টাইল নিষিদ্ধ কৰিলে তালিবানে৷ দেশখনৰ মিনিষ্ট্রিৱ ইছলামিক অৰিয়েণ্টেচনে হেলমণ্ডত চেলুনত পুৰুষৰ দাড়ি খুৰোৱা আৰু বিশেষ ষ্টাইলত চুলি কটা নিষিদ্ধ কৰিলে৷ ইছলামিক আইন উলংঘা কৰাৰ বাবেই দাড়ি খুৰোৱা আৰু চুলি বিশেষ ষ্টাইলত কটা নিষিদ্ধ কৰা বুলি মন্ত্রালয়ে প্রকাশ কৰিছে৷
উল্লেখ্য যে ১৯৯৬–২০০১ চনত তালিবানে আফগানিস্তানত শাসন চলোৱা সময়ত তেনেধৰণৰ নিষেধাজ্ঞা জাৰি কৰিছিল৷ ২০ বছৰৰ মূৰকত পুনৰ আফগানিস্তান দখল কৰি একেই মানৱ অধিকাৰ ভংগৰ প্রক্রিয়া আৰম্ভ কৰিছে৷