তলাতল ঘৰত দিন দুপৰতে সুৰা–ভাঙৰ আড্ডা
নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ বিশ্ব পর্যটকৰ অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু শিৱসাগৰৰ তলাতল ঘৰৰ গড়–খাৱৈৰ ওপৰত এতিয়া দিন দুপৰতে সুৰা আৰু ভাঙৰ আড্ডা গঢ়ি উঠাৰ ঘটনাই সাধাৰণ ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷
তলাতল ঘৰলৈ প্রৱেশ কৰা অন্যতম পথ হিচাপে পৰিচিত কাৰেঙ তিনিআলিৰ ন–দুৱাৰৰ একেবাৰে গাতে সংঘটিত হৈছে এই দুর্ভাগ্য আৰু অপমানজনক ঘটনা৷ আৰক্ষী প্রশাসনৰ দুর্বলতা আৰু পুৰাতত্ব বিভাগৰ অর্কমন্যতাৰ বাবেই আহোম যুগৰ অনন্য ভাস্কর্য খোদিত তলাতল ঘৰৰ সুৰক্ষা বেষ্টনি স্বৰূপ গড় খাৱৈৰ ওপৰত সংঘটিত হৈছে এনে ঘটনাৰ৷
অভিযোগ অনুসৰি সাধাৰণতেই চকুত নপৰা গড়টোৰ একেবাৰে কাষতেই নির্মাণ কৰা এটা চৰকাৰী অতিথিশালাৰ পিছফালে গড়–খাৱৈটোৰ ওপৰত একাংশ যুৱকে পাতিছে এই সুৰা আৰু ভাঙৰ বেহা৷ পুৱাৰ পৰা নিশালৈকে বিলাসী গাড়ী আৰু বাইকত অহা এই যুৱকসকলে ৰজাদিনীয়া গড়টোৰ ওপৰত তির্পাল পাৰি বহি মুকলিকৈ সুৰা আৰু ভাঙৰ মজলিছ পাতি আহিছে৷ আন নালাগে গড়ৰ ওপৰত বিগত দিন কেইটাত চাউণ্ড বস্কত গান লগাইয়ো গানৰ তালে তালে এই সুৰা আৰু ভাঙৰ বেহা চলাই আহিছে৷ সচেতন মহলে সময় থাকোতেই চৰকাৰ–প্রশাসন, আৰক্ষী বিভাগক এই ক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে৷