নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়ান অইলৰ ৭১ পদৰ বিজ্ঞাপন; আবেদনৰ অন্তিম তাৰিখ ২২ অক্টোবৰ

ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেড (Indian Oil Corporation Ltd.) চমুকৈ আই অ’ চি এল(IOCL)ৰ Refinery/Marketing Divisionত খালী হৈছে Assistant Quality Control Officerৰ ৭১ পদ৷

আই’চিএল কর্তৃপক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি, মুঠ পদ ৭১টাৰ ভিতৰত অসংৰক্ষিত ২৮টা, এছ চিৰ ১০টা, এছ টিৰ ৭টা, অ’বিচিৰ ১৯টা, দিব্যাংগৰ ৬টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৭টা পদ সংৰক্ষিত থাকিব৷ Assistant Quality Control Officer পদৰ প্রার্থী Chemistry (Inorganic/Organic/Analytical/Physical/Applied Chemistry/Industrial Chemistry) বিষয়ত M.Sc. ডিগ্রীধাৰী হোৱাৰ লগতে Petroleum/Petro-Chemical/Polymer/Fertilizer Unit Laboratories ৰ Testing/R&d/Quality Controlত Cumulativeৰ দুবছৰীয়া কর্ম অভিজ্ঞতা থাকিব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৪০,০০০–১,৪০,০০০ টকা৷ বয়স ৩০ ছেপ্ঢেম্বৰ, ২০২১লৈ সর্বোচ্চ ৩০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷

আবেদন মাচুল হিচাপে অনলাইন মাধ্যমেৰে আই’চিএলৰ হকে ৩০০ টকা পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল এছ চি, এছ টি, দিব্যাংগ, প্রাক্তন কর্মচাৰীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী ইত্যাদিকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ Indian Oil Corporation Ltd. ৰ ৱেবছাইট www.iocl.com & https://iocl.com/admin/img/UploadedFiles/LatestJobOpening/Files/5f1f4a3c4ed84fb6a60a8ab653f844c4. pdf লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২২ অক্টোবৰ, ২০২১৷

You might also like