নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত চোৰাং কাঠ ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত; জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ বঙাইগাঁৱত চোৰাং কাঠ ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত ৷ আৰক্ষীয়ে জব্দ কৰিলে দুই লক্ষাধিক টকাৰ চোৰাং কাঠ ৷ নিশা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে চোৰাং কাঠ কঢ়িয়াই নিয়া AS17 B 3736 নং টাটা মোৱাইল বাহন এখন চাপৰাকাটাত দুৰ্ঘটনাগ্ৰস্থ হয়। পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ চোৰাং কাঠসহ বাহনখন জব্দ কৰে ৷

ইফালে চোৰাং কাঠ ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পোৱাৰ পিচতো লক্ষ্যণীয়ভাৱে বন বিভাগৰ কোনো লোক ঘটনাস্থলীত উপস্থিত নহ’ল বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ বন বিভাগৰ নিৰ্লিপ্ততাৰ বাবে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ পৰা ব্যাপক হাৰত ৰাষ্ট্ৰীয় ঘাইপথৰে চোৰাং কাঠৰ সৰবৰাহ অব্যাহত আছে ৷

You might also like