তথাকথিত ছাত্রনেতা আখতাৰ হুছেইনক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ গৰুৰ চোৰাং সৰবৰাহৰ লগত জড়িত থকা তথাকথিত ছাত্রনেতা আখতাৰ হুছেইনক কালি সোণাপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ সোণাপুৰ থানাত ৰুজু হোৱা ৬৬৪/২১ নম্বৰৰ গোচৰটোৰ ভিত্তিত আৰক্ষীয়ে আখতাৰক কালি টোলগেটৰ সমীপৰ পৰা গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে অসম সংগ্রামী যুৱ ছাত্র সন্থা নামৰ এটা স্বল্পখ্যাত সংগঠনৰ সভাপতি আখতাৰ হুছেইনে দীর্ঘদিন ধৰি চোৰাং গো সৰবৰাহকে ধৰি বিভিন্ন অসামাজিক কার্যকলাপত জড়িত হৈ আছিল৷ আখতাৰৰ বিৰুদ্ধে সোণাপুৰ থানাত গোচৰ ৰুজু হোৱাৰ পাছৰে পৰা পলাতক হৈ আছিল৷ কালি তথাকথিত ছাত্রনেতা আখতাৰক গ্রেপ্তাৰ কৰি আৰক্ষীয়ে জে’ললৈ প্রেৰণ কৰে৷