নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লতাশিলত আৰক্ষীক দুর্ব্যৱহাৰ ৩ যুৱকৰ

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ ক’ভিড নীতি–নির্দেশনা কঠোৰভাৱে পালন কৰি দুর্গাপূজা উদ্যাপন কৰিবলৈ চৰকাৰে জাননী জাৰি কৰিছিল৷ কিন্তু একাংশ ব্যৱসায়ীয়ে ক’ভিডৰ নির্দেশনা উলংঘাৰে মহানগৰীৰ বিভিন্ন স্থানত অনুষ্ঠিত পূজাস্থলীত ব্যৱসায় কৰা পৰিলক্ষিত হৈছে৷ মহানগৰ আৰক্ষীয়ে এনে ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ নকৰাৰ ফলত কালি নিশা লতাশিলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ লতাশিল আৰক্ষীয়ে ক’ভিড বিধি উলংঘাৰে ব্যৱসায় চলাই থকা এজন যুৱকক দোকান বন্ধ কৰিবলৈ কোৱাক লৈ ৩ উদণ্ড যুৱকে আৰক্ষীক দুর্ব্যৱহাৰ কৰে৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে নিশা ১০.৩০ বজালৈ খোলা থকা দোকানখন বন্ধ কৰিবলৈ কোৱাত উক্ত স্থানত থকা উৎসৱ ভূঞা, ইন্দ্রজিৎ ভূঞা আৰু তৃষানীল নেওগ নামৰ যুৱক তিনিজনে আৰক্ষীক দুর্ব্যৱহাৰ কৰে৷ ইয়াকে লৈ যুৱককেইজন আৰু লতাশিল থানাৰ কর্তব্যৰত আৰক্ষীৰ মাজত তর্কযুদ্ধ লাগে৷ যুৱককেইজনক আৰক্ষীয়ে থানালৈ অনাৰ পাছতেই অভিভাৱক উপস্থিত হৈ থানাৰ পৰা উৎসৱ ভূঞা আৰু ইন্দ্রজিৎ ভূঞা নামৰ যুৱক দুজনক লৈ যায়৷

আনজন যুৱকক আৰক্ষীয়ে থানাতে আবদ্ধ কৰি ৰাখে যদিও নিশা এৰি দিয়ে৷ ক’ভিড বিধি উলংঘা কৰাৰ পাছতো ৩ যুৱকৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো গোচৰ ৰুজু নকৰি যুৱককেইজনক এৰি দিয়াক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ আৰক্ষীক দুর্ব্যৱহাৰ কৰা যুৱককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰাক বিষয়টোৱে সমগ্র ঘটনাটো ৰহস্যৰ আৱর্তত সোমাই পৰিছে৷

You might also like