নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষুধাতুৰৰ দেশ

সমগ্র বিশ্বতে মহামাৰী ‘ক’ভিড–১৯’–এ সৃষ্টি কৰা সংকট এতিয়াও দূৰ হোৱা নাই৷ ক্রমশঃ মাৰাত্মক ভাইৰাছৰ সংক্রমণ হ্রাস পাই আহিলেও বিশেষজ্ঞ মহলে পূর্বানুমান কৰাৰ দৰে ইয়াৰ বিৰূপ প্রভাৱ যে দীর্ঘম্যাদী হ’ব, সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ বিশেষকৈ ‘ক’ভিড–১৯’ৰ সংক্রমণ প্রতিৰোধকল্পে দেশে দেশে বলৱৎ কৰা লকডাউন তথা কঠোৰ বাধা নিষেধে অর্থনীতিত মোক্ষম আঘাত হানিছে৷ পর্যায়ক্রমে এই লকডাউন তথা কঠোৰ বাধা নিষেধসমূহ শিথিল কৰি দিলেও ইয়াৰ ফলত উদ্যোগ, পৰিবহণ, পর্যটন, কৃষিকে ধৰি কোনো এটা খণ্ডই বর্তমান পর্যন্ত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পৰা নাই৷ বিশ্বৰ অন্যান্য দেশসমূহৰ দৰে অনুৰূপ পৰিস্থিতি ভাৰততো৷ বিগত প্রায় ডেৰ বছৰত হাজাৰ হাজাৰজন লোক কর্মসংস্থাপনহীন হ’বলগীয়া হৈছে৷ এই লোকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে কেতবোৰ আঁচনি গ্রহণ কৰিলেও বহুতৰ কাৰণে সেয়া পর্যাপ্ত হোৱা নাই৷ ফলশ্রুতিত দেশৰ অর্থনীতিৰ ভৱিষ্যৎ সম্প্রতি অনিশ্চয়তাৰ আৱর্তত৷ বিভিন্ন সংস্থাই ইতিমধ্যে চলোৱা সমীক্ষা আদিত ভাৰতৰ অর্থনীতিৰ বাস্তৱ ছবিখন স্পষ্ট হৈছে৷ ‘ক’ভিড–১৯’–এ ভাৰতৰ আর্থ–সামাজিক ক্ষেত্রখনত কেনে ধৰণৰ বিৰূপ প্রভাৱ পেলাইছে, সেই কথা শেহতীয়াকৈ প্রকট হ’ল ‘গ্ল’বেল হাংগাৰ ইনডেক্স’ত৷ আয়াৰলেণ্ডৰ স্বেচ্ছাসেৱী সংস্থা ‘কনচার্ন ৱর্ল্ডৱাইড’ আৰু জার্মান সংস্থা ‘ৱেল্ট হাংগাৰ হিল্ফ’–এ প্রতিবছৰে যৌথভাৱে চলোৱা সমীক্ষাৰ জৰিয়তে বিশ্বৰ দেশসমূহৰ ক্ষেত্রত ক্ষুধা সূচকৰ ক্রম তালিকা প্রকাশ কৰি আহিছে৷ চলিত ২০২১ বর্ষৰ ক্রম তালিকাখন প্রকাশ পাইছে যোৱা বৃহস্পতিবাৰে৷ ‘ক’ভিড–১৯’–এ অর্থনীতিত মাধমাৰ শোধোৱা ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশ এখনৰ বাবে এই ক্রম তালিকাখন অতি উদ্বেগজনক ৰূপে বিবেচিত হৈছে৷ কিয়নো ‘গ্ল’বেল হাংগাৰ ইনডেক্স’ত ভাৰতৰ ধাৰাবাহিক অৱনমন অব্যাহত আছে৷ চলিত বর্ষত সমগ্র বিশ্বৰ ১১৬খন দেশৰ ভিতৰত এই ক্রম তালিকাত ভাৰতৰ স্থান হৈছে ১০১৷ বিগত ২০২০ চনত ভাৰতে ক্রম তালিকাৰ ৯৪নং স্থান দখল কৰিছিল৷ কিন্তু এইবাৰ ভাৰতৰ ৭টা স্থান অৱনমন ঘটিল৷ লক্ষণীয়ভাৱে এইবাৰ ভাৰততকৈয়ো পাকিস্তান, বাংলাদেশ, ম্যানমাৰ আৰু নেপালৰ দৰে ৰাষ্ট্রই আগত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷
‘ৱর্ল্ড হাংগাৰ ইনডেক্স’–এ কার্যতঃ মাৰাত্মক ভাইৰাছে ভাৰতত কি পৰিস্থিতিৰ সৃষ্টি কৰিলে, সেয়াই প্রকট কৰি তুলিছে৷ কিয়নো এই সমীক্ষা চলোৱা আয়াৰলেণ্ড আৰু জার্মান সংস্থা দুটাই প্রতিবেদনত স্পষ্টভাৱে উল্লেখ কৰিছে যে ‘ক’ভিড–১৯’ৰ পৰিপ্রেক্ষিতত লকডাউন তথা যিবোৰ বাধা নিষেধ আৰোপ কৰা হৈছিল, তাৰ ফলত ভাৰতৰ নাগৰিকসকলৰ জীৱন–জীৱিকাত বিৰূপ প্রভাৱ পেলাইছে৷ ভাৰতত অপুষ্টিত ভোগা শিশুসকলৰ সংখ্যাও বেছি৷ অকল এয়াই নহয়, ক্রম তালিকা প্রস্তুত কৰা সংস্থা দুটাই ভাৰতক ক্ষুধাতুৰৰ ক্ষেত্রত ‘ভয়াৱহ’ হিচাপেও চিহ্ণিত কৰিছে৷ মন কৰিবলগীয়া যে এই ক্রম তালিকা প্রস্তুত কৰাৰ ক্ষেত্রত সমীক্ষাকাৰী সংস্থা দুটাই সংশ্লিষ্ট দেশখনৰ সমসাময়িক অর্থনৈতিক অৱস্থা, শিশু স্বাস্থ্য, শিশুসকলৰ অপুষ্টিজনিত সমস্যা, শিশুৰ মৃত্যুৰ হাৰ, সম্পদ বণ্টনত অসমতা আদি দিশসমূহক প্রাধান্য প্রদান কৰা হয়৷ হয়তো সমীক্ষাত এই বিষয়সমূহ উন্নত নোহোৱাৰ পৰিপ্রেক্ষিততে ভাৰতে ‘গ্ল’বেল হাংগাৰ ইনডেক্স’ত সাংঘাতিক ধৰণে পিছপৰি ৰ’বলগীয়া হৈছে৷ এনে অৱস্থাত চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষই এই বিষয়টোক গুৰুত্বসহকাৰে গ্রহণ কৰা উচিত৷ বিশেষকৈ ‘ক’ভিড–১৯’পিষ্ট দেশখনৰ অর্থনীতিক ত্বৰান্বিত কৰাৰ হকে চৰকাৰে বাস্তৱসন্মত পদক্ষেপ গ্রহণ কৰিব লাগিব৷ ইয়াৰ সমান্তৰালভাৱে মহামাৰীৰ সম্ভাব্য তৃতীয় জোৱাৰৰ সংক্রমণ প্রতিৰোধকল্পে আন্তঃগাঁথনিকে ধৰি অন্যান্য ব্যৱস্থাসমূহ গঢ়ি তোলাৰ বাবেও ব্যৱস্থা গ্রহণত গুৰুত্ব দিব লাগিব৷ অৱশ্যে এইক্ষেত্রত অকল চৰকাৰৰে কৰণীয় নাই জনসাধাৰণো সজাগ আৰু সচেতন হোৱা উচিত৷

You might also like