লাংহিনত চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে এবচুৰ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন আৰু কাৰ্বি আংলং জিলা এবচুৰ সোণালী জয়ন্তী পালনৰ ব্যাপক প্ৰস্ততি
নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰ : কাৰ্বি আংলং জিলাৰ লাংহিনত অহা ২৬,২৭,২৮ আৰু ২৯ জানুৱাৰীত চাৰিদিনীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে এবচুৰ ৫৪ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন আৰু কাৰ্বি আংলং জিলা এবচুৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগতে সোণালী জয়ন্তী পালনৰ বাবে ব্যাপক প্ৰস্ততি চলোৱা হৈছে বুলি জানিবলৈ দিয়ে জিলা এবচুৰ সভাপতি জোনাছ বসুমতাৰী আৰু সাধাৰণ সম্পাদক খৌদৌম বসুমতাৰীয়ে । এই উদ্দেশ্যে আজি পুৱা দহ বজাত লাংহিনত কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্মৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে এন্টনি বসুমতাৰীয়ে ।
সভাত হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং, লাংহিন পৌৰসভাৰ অধ্যক্ষ কমল ব্ৰহ্ম, প্ৰাক্তন কাৰ্যবাহী সদস্য শৰৎ ব্ৰহ্ম আৰু অগ্ৰণী বড়ো সংগঠন সমূহৰ বিষয়ববীয়া সকল উপস্থিত থাকে । এই সভাতে কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্মক সভাপতি, প্ৰাক্তন কাৰ্যবাহী সদস্য শৰৎ ব্ৰহ্মক কাৰ্যকৰী সভাপতি আৰু এন্টনি বসুমতাৰীক সম্পাদক হিচাপে লৈ মুঠ ১৫০ জনীয়া শক্তিশালী আদৰণি সমিতিখন গঠন কৰা হয় । এবচুৰ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন আৰু কাৰ্বি আংলং জিলা এবচুৰ বাৰ্ষিক অধিৱেশনৰ লগতে সোণালী জয়ন্তী অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে আন ১৪ টা উপ সমিতিও গঠন কৰা হয় । ইপিনে, আদৰণি সমিতিৰ কাৰ্যালয় উদ্বোধন কৰি হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে কাৰ্যসূচীসমূহ সফল হোৱাৰ কামনা কৰে । ।। ছাইদুল হক চৌধুৰী, হাওৰাঘাট