নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী

যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ

নিয়মীয়া বাৰ্তা  , ১৬ অক্টোবৰঃ , পেট্ৰ’ল , ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক জিতেন বৰাৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে নগাঁও বাই পাছৰ কৃষ্ণইখাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে মূল্য বৃদ্ধিৰ ৰোধত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি অসমৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰে । প্ৰতিবাদকাৰীসকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী হায় হায় , বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা হুচিয়াৰ , যোগান মন্ত্ৰীৰ কাম নাই আদি বিভিন্ন ধ্বনি দি ৰাজপথ উত্তাল কৰি তোলে । শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ নকৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে ।

উল্লেখ যে শেহতীয়া ভাবে পেট্ৰল আৰু ডিজেলকে ধৰি অত্যাবশ্যকীয় সামগ্ৰী আকাশলঙ্ঘী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে । আজিৰ তাৰিখত নগাঁও জিলাত এক লি: পেট্ৰলৰ মূল্য ১০২ টকাৰ অধিক আৰু প্ৰতি লি: ডিজেলৰ মূল্য প্ৰায় ৯৫ টকা , মিঠাতেল প্ৰতি লি: ১৯৫-২১০ টকা , মচুৰ ৯৫ – ১১০ টকা । একেদৰে জিলাখনৰ বজাৰত শাক পাচলিৰ মূল্য আকাশলঙ্ঘী । প্ৰতি কেজি শাক পাচলি ৪০ টকাৰ তলত ক্ৰয় কৰিব নোৱাৰি । বিলাহী প্ৰতি কেজি ৬০ টকা , তিতা কেৰেলা প্ৰতি কেজিত ৮০ টকা ,নেমু প্ৰতি হালিত ৩০ টকা দৰত গ্ৰাহকে ক্ৰয় কৰিব লগা হৈছে ।

You might also like