চোৰাংকৈ বিক্ৰী কৰিবলৈ নিয়া অৱস্থাত আৰক্ষীয়ে জব্দ কৰা সুলভ মূল্যৰ চাউলৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন বগীনদী আৰক্ষী থানাত
নিয়মীয়া বাৰ্তা, , ১৬ অক্টোবৰ : চোৰাংকৈ বিক্ৰীৰ বাবে নিয়া অৱস্থাত চাউলধোৱাত আৰক্ষীয়ে জব্দ কৰা সুলভ মূল্যৰ চাউলৰ আজি নিলাম প্ৰক্ৰিয়া সম্পন্ন হয় বগীনদী আৰক্ষী থানাত।লখিমপুৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনৰ বগীনদী ওখমাটি সমবায় সমিতিৰ অন্তৰ্গত সুলভ মূল্য কেন্দ্ৰ এখনৰ পৰা কেইবামাহ পুৰ্বে চোৰাংকৈ বিক্ৰী কৰিবলৈ নিয়া অৱস্থাত প্ৰায় ৩০ কুইন্টল চাউল জব্দ কৰি ৰাখি থৈছিল বগীনদী আৰক্ষীয়ে। ইয়াৰ পিছতেই বিভাগীয় নীতি নিয়মৰ মাজেৰে জব্দ কৰা এই চাউলৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন বগীনদী থানাত ।বগীনদী ওখমাটি সমবায় সমিতিৰ সভাপতি মনোজ সোনোৱাল আৰু বগীনদী ব্যৱসায় সন্থাৰ সভাপতি দিগন্ত সোনোৱালৰ সহযোগত এই নিলাম প্ৰক্ৰিয়া সম্পন্ন কৰে বগীনদী আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক মানবেন্দ্ৰ দাসে। বগীনদী অঞ্চলৰ চাৰিজনকৈ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰা এই নিলাম প্ৰক্ৰিয়াত উমেশ কামান নামৰ ব্যৱসায়ীজনে ৩৪,২০০ টকা মুল্যত জব্দকৃত ৩০ কুইন্টল চাউল ক্ৰয় কৰে ।