নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেহাদীৰে সম্পর্ক ধৃত ডিআইজি ৰৌণক আলীৰ

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: কূটাঘাতেৰে দেশ তথা অসম ৰক্তাক্ত কৰাৰ ব্লুপ্রিণ্টক বাস্তৱ ৰূপ দিয়াৰ অহৰহ চক্রান্তত ব্রতী জেহাদীৰে সম্পর্ক ৰক্ষা কৰি চলিছিল ধৃত আৰক্ষী উপ–মহাপৰিদর্শক (ডি আই জি) ৰৌণক আলী হাজৰিকাই৷ শেহতীয়াকৈ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ জেৰাত অসম আৰক্ষীৰ নিলম্বিত বিষয়াজনৰ বিৰুদ্ধে উদ্ধাৰ হোৱা এই ভয়ংকৰ তথ্যই সৃষ্টি কৰিছে চাঞ্চল্য৷ কি লক্ষ্য আৰু উদ্দেশ্যৰে আৰক্ষীৰ এইজন অভিযুক্ত বিষয়াই জেহাদীৰে সম্পর্ক গাঢ় কৰিছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ পিছে অসম আৰক্ষীৰ এজন বিষয়াই যোৱা দীর্ঘসময় ধৰি এনেদৰে দেশবিৰোধী শক্তিৰ সৈতে সম্পর্ক বজাই ৰখা বিষয়টোৱে ৰাজ্যৰ গৃহ বিভাগতো খলকনি সৃষ্টি কৰিছে৷

উল্লেখ্য যে আয়ৰ তুলনাত সামঞ্জস্যহীন সম্পত্তি আহৰণৰ গোচৰত অভিযুক্ত হোৱা ৰৌণক আলী হাজৰিকাক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে শনিবাৰে বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱায়৷ ১০ দিন আৰক্ষীৰ জিম্মাত থকা ৰৌণক আলী হাজৰিকা হঠাৎ অসুস্থ হৈ পৰাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ত ভর্তি কৰোৱা হৈছিল৷ যোৱা ১৩ অক্টোবৰত তেওঁক জি এম চি এইচৰ পৰা ৰিলিজ দিছিল৷ তিনি দিন মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ জিম্মাত থকাৰ পাছত শনিবাৰে হাজিৰ কৰোৱাই পুনৰ নিজৰ জিম্মাত ল’বলৈ আদালতত তদন্তকাৰী সংস্থাটোৱে আবেদন জনাইছিল যদিও আদালতে ৰৌণক আলী হাজৰিকাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷

মন কৰিবলগীয়া যে তদন্তকাৰী সংস্থাক ইতিপূর্বে সহযোগ নকৰা অভিযুক্ত আৰক্ষী বিষয়াজনে যোৱা সময়ছোৱাত বিভিন্ন বেমাৰৰ ভাও জুৰি তদন্ত প্রক্রিয়াত ব্যাঘাত জন্মাই আছিল৷ আনকি হঠাৎ বুকুৰ বিষ হোৱা বুলি ঢলি পৰা ৰৌণক আলী হাজৰিকাক জি এম চি এইচৰ আই চি ইউতো ভর্তি কৰাবলগীয়া হৈছিল৷ কিন্তু চিকিৎসকে বিশেষ অসুস্থতা নেদেখি ১৩ অক্টোবৰত ৰিলিজ দিয়াৰ পাছত যোৱা তিনি দিন মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ জিম্মাত থকা ৰৌণক আলী হাজৰিকাই এই সময়ছোৱাতে প্রকাশ কৰা এলানি ভয়ংকৰ তথ্যই বিস্ফোৰণ ঘটাইছে৷ তদন্তকাৰী সংস্থাটোৱে এই সন্দর্ভত স্পষ্টকৈ একো তথ্য প্রকাশ কৰা নাই যদিও যোৱা তিনি দিনৰ জেৰাত ৰৌণক আলী হাজৰিকাই প্রকাশ কৰা কিছু তথ্যৰ ভিত্তিত অভিযুক্ত আৰক্ষী বিষয়াজনৰ যে জেহাদীৰ সৈতে সম্পর্ক গঢ়ি উঠিছিল, সেয়া প্রায় স্পষ্ট হৈ পৰিছে৷ বিষয়টো সন্দর্ভত সুকীয়া গোটে তদন্ত কৰিব বুলি আজি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ এজন বিষয়াই জানিবলৈ দিয়ে৷

ইফালে ন্যায়িক জিম্মালৈ প্রেৰণ কৰা ৰৌণক আলী হাজৰিকাক গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত মুখ্যমন্ত্রীৰ তদাৰকী কোষে জেৰা কৰিব পাৰিব বুলিও শনিবাৰে আদালতে স্পষ্ট নির্দেশনা দিয়ে৷ সমান্তৰালভাৱে অভিযুক্ত বিষয়াজনে যোৱা সময়ছোৱাত বিভিন্ন বেমাৰৰ ভাও জুৰি থকা বিষয়টো আদালতৰ দৃষ্টিগোচৰ কৰাত বিশেষ ন্যায়াধীশৰ আদালতে আৰক্ষী সঞ্চালকপ্রধানক সমগ্র বিষয়টো তদন্ত কৰাৰ নির্দেশ দিয়ে৷ আদালতৰ নির্দেশ অনুসৰি এই বিষয়টোৰ তদন্ত কৰিব লাগিব আৰক্ষীৰ মহাপৰিদর্শক বা তাৰ ওপৰৰ পদমর্যাদাৰ বিষয়াই৷ তদন্তকাৰী বিষয়াজন মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ হ’ব নালাগিব৷

মন কৰিবলগীয়া যে আয়ৰ সামঞ্জস্যহীন সম্পত্তি আহৰণৰ সমান্তৰালকৈ ৰৌণক আলী হাজৰিকাই আৰক্ষী অধীক্ষক হিচাপে বিভিন্ন জিলাত দায়িত্ব চম্ভালি থকা সময়ত অনুমতি নোহোৱাকৈ ৯বাৰকৈ বিদেশ ভ্রমণ কৰিছিল৷ ২০১১ চনৰ পৰা ২০১৯ চনলৈ এই সময়ছোৱাত অভিযুক্ত বিষয়াজনে কেইবাখনো ইছলামিক ৰাষ্ট্র ভ্রমণ কৰিছিল৷ মুখ্যতঃ এই বিষয়টোক লৈয়ে অসম আৰক্ষীৰ লগতে গৃহ বিভাগে বিশেষভাৱে তৎপৰ হৈ পৰিছে৷ জেহাদীৰ সৈতে সম্পর্ক থকাৰ সুবাদতে ইছলামিক ৰাষ্ট্র ভ্রমণ কৰিছিল নেকি ৰৌণক আলী হাজৰিকাই? এই সন্দর্ভতো দীঘলীয়া তদন্তৰ প্রয়োজনীয়তাৰ পোষকতা কৰিছে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে৷ ইফালে গভর্ণমেণ্ট ৰে’লৱে পুলিচ (জিআৰপি)ৰ আৰক্ষী অধীক্ষক হৈ থকা সময়তে ৰৌণক আলী হাজৰিকাই প্রায় চাৰি কোটি টকা মূল্যৰ ২০ কিলোগ্রাম সোণ আত্মসাৎ কৰাৰো এক অভিযোগ উত্থাপন হৈছে৷

দিছপুৰ আৰক্ষী থানাত এই সন্দর্ভত পঞ্জীয়ন হোৱা ৩৬৯/১৯ নম্বৰৰ গোচৰটো সন্দর্ভত আৰক্ষীয়ে ৰৌণক আলী হাজৰিকাক জেৰা কৰাৰ সম্ভাৱনা আছে৷ দিছপুৰ আৰক্ষীৰ তদানীন্তন এছ আই নিপু কলিতাই যোৰাবাটৰ এক অভিযানত বৃহৎ পৰিমাণৰ সোণ জব্দ কৰিছিল যদিও জব্দকৃত সোণখিনি আদালতত জমা নিদি নিজৰ জিম্মাত ৰাখিছিল ৰৌণক আলী হাজৰিকাই৷ সেয়াই নহয়, সীমান্ত শাখাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব চম্ভালাৰ সময়তো সন্দেহযুক্ত নাগৰিকক অসমৰ দিশে ভাৰত–বাংলাদেশ সীমা পাৰ কৰাই দিয়াৰো অভিযোগ আছে ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে৷

মন কৰিবলগীয়া যে যোৱা ৫ অক্টোবৰত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে মহানগৰীৰ হেঙেৰাবাৰীস্থিত আৰক্ষী বিষয়াজনৰ বাসগৃহত তালাচী চলাই জব্দ কৰিছিল একাধিক আপত্তিজনক নথিৰ লগতে তেওঁৰ সামঞ্জস্যহীন সম্পত্তিৰ তালিকা৷ সেই অভিযানকালতে স্পষ্ট হৈছিল কিদৰে সোঁৱে–বাঁৱে লুণ্ঠন চলাই এইজন অভিযুক্ত আৰক্ষী বিষয়াই বিশাল সম্পত্তিৰ গৰাকী হৈছিল৷ ৫খনকৈ বিলাসী হোটেল তথা ৰিজ’টৰ গৰাকী হোৱা ৰৌণক আলী হাজৰিকাৰ মহানগৰীৰ ডাউন টাউন চিকিৎসালয়ৰ সমীপতে তিনিটা স্থানত আছে ভূমি৷ তদুপৰি ফটাশিল আমবাৰীত থকা এক বিশাল ভূমিখণ্ডৰ গৰাকী ৰৌণক আলী হাজৰিকা৷ তদাৰকী সংস্থাৰ অভিযানত ইতিমধ্যে উদ্ধাৰ হৈছে কিদৰে আৰক্ষী বিষয়াজনৰ বেংকৰ একাউণ্টত কেইটামান নির্দিষ্ট দিনত জমা হৈছিল ৩ কোটি টকা৷ এনেদৰে পর্বতসম সম্পত্তি গঢ়া ৰৌণক আলী হাজৰিকাৰ জেহাদীৰ সৈতে থকা সম্পর্কই স্বাভাৱিকতে সমগ্র বিষয়টো যথেষ্ট জটিল কৰি তুলিছে৷ এইক্ষেত্রত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে তদন্ত প্রক্রিয়া কিদৰে আগুৱাই নিয়ে, সেয়া যথেষ্ট লক্ষণীয় হ’ব৷

You might also like