নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেৱলেট সহ ধৃত ৩

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ যোৱাকালি নিশা ধুবুৰী আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেৱলেটসহ তিনি যুৱক আৰক্ষীৰ জালত পৰাৰ এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত আজি পুৱতি নিশা আনুমানিক ডেৰটা–দুটামান বজাত ধুবুৰীৰ উপ–আৰক্ষী অধীক্ষক দিপঙ্কৰ দত্ত লহকৰৰ নেতৃত্বত ধুবুৰীৰ ঝগৰাৰপাৰ অঞ্চলত আৰক্ষীৰ এটি দলে অভিযান চলাইছিল।

উক্ত অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেৱলেট আৰু অন্যান্য সামগ্ৰীসহ তিনিজনকৈ যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত ত্ৰয়ী ৰাকেশ দাস , ৰাহুল প্ৰসাদ আৰু আবু তালেৱ মোল্লা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। ইয়াৰে ৰাহুল প্ৰসাদ নামৰ যুৱকজন ‘‘ৰাষ্ট্ৰীয় বজৰং দল’’ৰ এগৰাকী প্ৰাক্তন সদস্য বুলি জানিব পৰা গৈছে।

Input: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী,  

You might also like