নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ খন্দিকৰত বাঁহৰ দলঙেৰে বিপজ্জনক যাতায়ত

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰ: ৰঙিয়াৰ সমীপৱৰ্তী বিটিআৰৰ খন্দিকৰত এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে ৰাইজে বিপজ্জনকভাৱে যাতায়ত কৰিব লগা হৈছে। প্ৰায় ডেৰ বছৰ পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানত খন্দিকৰৰ এই পথটো বিধ্বস্ত হৈ পৰিছিল। লগতে ঠায়ে ঠায়ে পথটো চিঙি গৈছিল। যাৰ বাবে খন্দিকৰ অঞ্চলৰ যাতায়ত বন্ধ হৈ পৰিছিল। পিছত যাতায়তৰ নামত দুৰ্ভোগ ভুগি থকা অতিষ্ঠ ৰাইজে উপায়ন্তৰ হৈ বাঁহৰ দলঙৰ লগতে কেইবা ঠাইতো বাঁহৰ সাঁকো নিৰ্মাণ কৰি অহা-যোৱা কৰে। কিন্তু বৰ্তমান এই বাঁহৰ দলংখনৰ অৱস্থা শোচনীয় হৈ পৰিছে । যাৰ বাবে অতি বিপজ্জনকভাৱে মৰণক শৰণ কৰি ৰাইজে যাতায়ত কৰিবলৈ বাধ্য হৈছে। আনকি এই বিধ্বস্ত দলংখনেৰে অহা-যোৱা কৰোতে বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে।

আনহাতে অঞ্চলটোলৈ এম্বুলেঞ্চ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱাৰাৰ বাবে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হব লগা হৈছে। যাতায়ত ব্যৱস্থা সুচল কৰি তোলাৰ ক্ষেত্ৰত বিটিআৰ চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ গঞা ৰাইজ ক্ষুব্ধ হৈ পৰে। নিৰ্বাচনৰ পূৰ্বে ইউপিপিএল দলে এই পথটো নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়াও বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে। অতিশীঘ্ৰে ইয়াত এখন পকি দলং নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা উন্নত কৰি তুলিবলৈ অঞ্চলবাসীয়ে দাবী জনাইছে ।

Input: ফাৰুক হুছেইন , ৰঙিয়া

You might also like