স্পেইনত পতিতা বৃত্তিক ‘অপৰাধী কার্য’ ঘোষণা প্রধানমন্ত্রী পেড্র’ ছানচেজৰ
তিনি লক্ষাধিক যৌন কর্মীৰ জীৱন–জীৱিকালৈ নামি আহিব সংকট
নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ ইউৰোপীয় দেশ স্পেইনৰ প্রধানমন্ত্রী পেড্র’ ছানচেজে দেশখনত পতিতা বৃত্তিক অপৰাধী কার্য বুলি ঘোষণা কৰিছে৷ দেশখনৰ ভেলেঞ্চিয়া চহৰত ছ’চিয়েলিষ্ট পার্টীৰ তিনিদিনীয়া কংগ্রেছৰ অন্তিম দিনাখন প্রধানমন্ত্রীগৰাকীয়্ সমর্থকসকলক সম্বোধি কয় যে পতিতা বৃত্তিয়ে মহিলাসকলক দাসী হ’বলৈ বাধ্য কৰাইছে৷ স্মর্তব্য যে ১৯৯৫ চনত স্পেইনত পতিতা বৃত্তিক বৈধতা প্রদান কৰা হৈছে৷ ২০১৬ চনত ৰাষ্ট্রসংঘই চলোৱা এক সমীক্ষা অনুসৰি দেশখনত ছেক্স ইণ্ডাষ্ট্রীৰ বার্ষিক ধনৰ পৰিমাণ আছিল ৪২০ কোটি ডলাৰ৷
২০০৯ চনত চলোৱা এক সমীক্ষা অনুসৰি স্পেইনৰ প্রতি তিনিজন পুৰুষৰ এজনে যৌনতাৰ বাবে ধন আদায় দিয়ে৷ ৰাষ্ট্রসংঘৰ তথ্য অনুসৰি বিশ্বৰ ভিতৰত পতিতা বৃত্তি চলা দেশৰ তালিকাত স্পেইন আছে তৃতীয় স্থানত৷ ইয়াৰ ওপৰত ক্রমে প্রথম আৰু দ্বিতীয় স্থানত আছে থাইলেণ্ড আৰু পুৱের্টো ৰিকো৷ স্পেইনত পতিতা বৃত্তি বৈধ বাবেই ইয়াক লৈ সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতিৰ বাবে কোনোধৰণৰ শাস্তি প্রদান কৰা নহয়৷ কিন্তু এই পৰম্পৰাৰ অন্ত পেলোৱাৰ সংকল্প লৈছে প্রধানমন্ত্রী ছানচেজে৷ প্রধানমন্ত্রীগৰাকীৰ্ এই সিদ্ধান্তক গৰিষ্ঠসংখ্যক লোকে আদৰণি জনাইছে যদিও ইয়াৰ ফলত তিনি লক্ষাধিক যৌন কর্মীৰ জীৱিকালৈ সংকট নামি অহাৰ আশংকা আছে৷