নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ অসম চৰকাৰৰ মঙলবাৰে অনুষ্ঠিত কেবিনেট বৈঠকে বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত কইনাধৰাৰ ১নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত কেবিনেটে ৰাজ্যৰ শক্তিখণ্ডৰ উন্নয়নত অধিক গুৰুত্ব প্রদান কৰি কেইবাটাও সিদ্ধান্ত লয়৷ ৰাজ্যত বিদ্যুৎ যোগান ব্যৱস্থা সুচল আৰু বিদ্যুৎ অপচয় ৰোধৰ বাবে ২৫০.০৮ কোটি টকাৰ অনুমোদন জনায়৷ উক্ত পুঁজিৰে ৯ হাজাৰটা বিতৰণযোগ্য ট্রেন্সফর্মাৰ, ৭০টা পূর্বনির্মিত কম্পেক্ট ছাবষ্টেচন, ১১টা পাৱাৰ ট্রেন্সফর্মাৰ ক্রয় আৰু স্থাপনৰ লগতে ৪,২০০টা ক্ষতিগ্রস্ত বিতৰণযোগ্য ট্রেন্সফর্মাৰো মেৰামতি কৰিব৷
সেইদৰে ১,৭১৮.১৮ কোটি টকা ব্যয়সাপেক্ষে বিদ্যুৎ সংযোগ নোহোৱা ৪,৮০,২৪৯টা (অনগ্রিড ৪,০৯,০৫০টা আৰু অফগ্রিড ৭১,১৯৯টা) পৰিয়াললৈ বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰাৰ বাবেও কেবিনেটে অনুমোদন জনায়৷ অনুৰূপ ধৰণে ৪৮,২৩১টা অংগনৱাড়ী কেন্দ্র আৰু ১৩,১২০খন প্রাথমিক বিদ্যালয়ত বিদ্যুৎ সংযোগৰ বাবে আজি কেবিনেটে ১৬১.৪২ কোটি টকা আবণ্টন দিয়ে৷ তদুপৰি ৰাজ্যিক স্মার্ট মিটাৰ প্রকল্পৰে ৰাজ্যত বিলিং ব্যৱস্থা উন্নত আৰু বাণিজ্যিক ক্ষতি ৰোধৰ লক্ষ্যৰে ৬,২০,১০০টা স্মার্ট মিটাৰ স্থাপনতো আজিৰ কেবিনেটে অনুমোদন জনায়৷
ইপিনে, মঙলবাৰে কেবিনেটে মৈত্রী আঁচনিৰে আৰক্ষী থানাৰ উত্তৰণৰ বাবে ১২০ কোটি টকা মুকলি কৰাৰ প্রস্তাৱত অনুমোদন জনায়৷ ২০২১–২২ বর্ষৰ বাবে ৰাজ্যৰ আৰক্ষী থানাৰ সামগ্রিক উন্নয়ন অভিযানৰ অধীনত মৈত্রী ছ’চাইটীলৈ অনুদান হিচাপে কেবিনেটে সেই পুঁজি আগবঢ়ায়৷ ৰাজ্যখনত সুচল যাতায়াতত গুৰুত্ব প্রদান কৰি কেবিনেটে এছিয়ান ইনফ্রাষ্ট্রাকচাৰ ইনভেষ্টমেণ্ট বেংক (এআইআইবি)ৰ সাহায্যৰে অসম আনুষংগিক পথ নেটৱর্ক উন্নয়ন প্রকল্প (এএছআৰআইপি)ৰ প্রস্তুতি আৰু ৰূপায়ণৰ প্রাক্কলন কৰাৰ বাবে প্রশাসনিক অনুমোদন জনায়৷
আনহাতে ওৰাং ব্যাঘ্র সংৰক্ষণ এলেকাত বাঘ আৰু জৈৱ–বৈচিত্র্য সংৰক্ষণত সহায়ক হোৱাকৈ বন্যপ্রাণী সুৰক্ষা আইন–১৯৭২ৰ ধাৰা ৩৮ (১০)ৰ অধীনত ওৰাং ব্যাঘ্র সংৰক্ষণ ফাউণ্ডেচন ন্যাস গঠন কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্রহণ কৰি ন্যাসৰ পঞ্জীয়নৰ আনুষ্ঠানিকতা প্রধান মুখ্য বন সংৰক্ষক (বন্যপ্রাণী)ক সম্পূর্ণ কৰাৰ দায়িত্ব দিয়ে৷
ইপিনে, মঙলবাৰে কেবিনেটে ৫০ বা তাতকৈ কম ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কার্ড থকা সুলভ মূল্যৰ দোকান বন্ধ কৰাৰ পূর্বৰ কেবিনেট সিদ্ধান্ত পর্যালোচনা কৰি বিধৱা আৰু বিশেষভাৱে সক্ষম সুলভ মূল্যৰ দোকানৰ মালিকসকলক তেওঁলোকৰ ব্যৱসায় অব্যাহত ৰখাৰ অনুমোদন জনায়৷ সেইদৰে খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয় অসম আৰু ইয়াৰ উপ–সমন্বয় কার্যালয় গঠনত আজিৰ কেবিনেটে অনুমোদন জনায়৷ একেদৰে ধেমাজি জিলাৰ ৮৯খন ৰাজহ গাঁৱক সামৰি চিচিটঙানী জনজাতীয় বেল্ট গঠনতো কেবিনেটে অনুমোদন দিয়ে৷ ইফালে, আজিৰ কেবিনেটে চাহ শ্রমিকৰ মজুৰি নির্ধাৰণৰ বাবে মজুৰি ক’ড অসম নীতি–২০২১ৰ অধিসূচনাৰ খচৰা প্রস্তুতত অনুমোদন জনায়৷ শ্রম বিভাগে চাহ বাগিচাৰ শ্রমিকসকলৰ মজুৰি নেচনেল লেভেল ফ্ল’ৰ ৱেজৰ আওতাৰ পৰা ৰেহাই দিয়াৰ সম্ভাৱনা সম্পর্কে বিশ্লেষণ কৰিব৷