নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱৰ চাপৰাকাটাত পথ দুৰ্ঘটনাঃ নিহত এক, আহত চাৰি

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ বঙাইগাঁৱৰ চাপৰাকাটাৰ ২ য় খণ্ডত মঙলবাৰে সন্ধিয়া সংঘটিত দুটা পৃথক পৃথক দুৰ্ঘটনাত এক জন লোক নিহত হোৱাৰ উপৰি চাৰিজনকৈ লোক আহত হয় ৷ প্ৰাপ্ত বাতৰি মতে উত্তৰ বঙাইগাঁও আৰক্ষী চকীৰ অন্তৰ্গত চাপৰাকাটা দ্বিতীয় খণ্ডত এএচ ০১ বি কিউ ০২১০ নং চুইফট ডিজায়াৰৰ সৈতে এএচ ১৯ ই আৰ ০৯১০ নং ই ৰিক্সাৰ মুখামুখি সংঘৰ্ষ হয় ৷

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত উক্ত পথ দুৰ্ঘটনাত চাৰি জনকৈ ই ৰিক্সা আৰোহী আহত হয় ৷ আহত সকল অভয়াপুৰীৰ সোণাখুলিৰ ডালিম ৰায়, মিনাক্ষী ৰায়, অজন্ত বালা ৰায় আৰু চাৰিপুনীয়াৰ নিৰ্মল বৰ্মন স্থানীয় ৰাইজৰ লগতে যান বাহন আৰক্ষীয়ে বঙাইগাঁৱৰ চিকিৎসালয় লৈ প্ৰেৰণ কৰে ৷ ই ৰিক্সাখনে চাৰি শাখাযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ভূল দিশৰে আহি আছিল বুলি স্থানীয় লোকে জানিব দিছে ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ আঘা ঘন্টা মান পিছতে উক্ত স্থানৰ কাষতে তীব্ৰ বেগী চাৰি চকীয়া বাহন এখনৰ খুন্দাত চাইকেল আৰোহী এজন নিহত হয় ৷ নিহত চাইকেল আৰোহীজন সোণাখুলিৰ মংগল চন্দ্ৰ ৰায় বুলি জানিব পৰা গৈছে বঙাইগাঁও শোধানাগৰাত অস্থায়ী শ্ৰমিকজনে ঘৰলৈ আহি থকা সময়তে তীব্ৰবেগী বাহনে পিছফালৰ পৰা খুন্দিয়াই পলায়ন কৰে ৷

অৱশ্য দুৰ্ঘটনাস্থলীত এএচ ০১ এৱাই ৭২৮২ নং এখন নম্বৰ প্লেট উদ্ধাৰ হয়। আৰক্ষীয়ে নম্বৰ প্লেটখন দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনৰ বুলি সন্দেহ কৰি যান বাহন আৰক্ষীয়ে তদন্ত কৰিছে ।

 

You might also like