নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগান মহিলা ভলী খেলুৱৈক শিৰশ্ছেদ

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ মহিলা হৈ ভলীবল খেলত অংশ লোৱাৰ বাবেই তালিবানৰ নৃশংসতাৰ বলি হ’ল আফগানিস্তানৰ এগৰাকী উদীয়মান খেলুৱৈ৷ মাজাবিন হাকিমী নামৰ খেলুৱৈগৰাকীক অক্টোবৰৰ প্রথম সপ্তাহত তালিবানে নৃশংসভাৱে শিৰশ্ছেদ কৰিছিল বুলি আফগানিস্তান জুনিয়ৰ মহিলা ভলীবল দলৰ প্রশিক্ষক ছুৰায়া আফজালীয়ে এক সাক্ষাৎকাৰত প্রকাশ কৰিছে৷ কাবুল মিউনিচিপেলিটী ভলীবল ক্লাবৰ প্রতিভাবান খেলুৱৈগৰাকীক শিৰশ্ছেদ কৰাৰ কথা ৰাজহুৱা নকৰিবলৈ তালিবানে খেলুৱৈগৰাকীৰ পৰিয়ালক ভাবুকি দিয়াৰ বাবে এই পর্যন্ত বিষয়টো পোহৰলৈ অহা নাছিল৷

উল্লেখ্য যে তালিবানে আগষ্টত আফগানিস্তানৰ শাসনভাৰ হস্তগত কৰাৰ কিছুদিন পূর্বে ভলীবল খেলুৱৈগৰাকীয়ে কাবুলৰ হৈ এক ক্লাব পর্যায়ৰ প্রতিযোগিতাত অংশ লৈছিল৷ আফগান মহিলা ভলীবল দলৰ প্রশিক্ষকগৰাকীয়ে প্রকাশ কৰা অনুসৰি তালিবানে আফগানিস্তানৰ শাসনভাৰ গ্রহণৰ পূর্বে দলটোৰ মাত্র দুগৰাকী খেলুৱৈয়েহে দেশ ত্যাগ কৰিবলৈ সুযোগ পাইছিল৷ দুর্ভাগ্যবশতঃ হাকিমীয়ে আফগানিস্তান ত্যাগৰ সুযোগ নাপালে আৰু আশংকা কৰা অনুসৰি তালিবানৰ নৃশংসতাৰ বলি হয়৷

উল্লেখ্য যে আফগানিস্তানৰ শাসনভাৰ গ্রহণৰ পিছতে সন্ত্রাসবাদী সংগঠনটোৱে দেশখনত মহিলাৰ বাবে সকলো খেল নিষিদ্ধ কৰিছে৷ মহিলা খেলুৱৈৰ ওপৰত তালিবানৰ এই নৃশংসতাৰ প্রতি লক্ষ্য ৰাখি ফিফা আৰু কাটাৰ চৰকাৰে যোৱা সপ্তাহত আফগানিস্তানৰ পৰা ১০০ৰো অধিক ফুটবলাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক সফলতাৰে উদ্ধাৰ কৰিছিল৷

You might also like