নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৌলবাদীক প্রশ্রয় দিয়া লোকৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ অসম অশান্ত কৰিবলৈ কট্টৰ মৌলবাদীয়ে চলাই থকা ষড়যন্ত্র কঠোৰ হাতেৰে দমন কৰা হ’ব বুলি বৃহস্পতিবাৰে স্পষ্ট সকীয়নি দিয়ে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷

অসম আৰক্ষীৰ ‘স্মৃতি দিৱস’ অনুষ্ঠানত অংশ লৈ ধর্মীয় মৌলবাদক সকীয়াই দি আৰক্ষী সঞ্চালকপ্রধানজনে কয় যে মৌলবাদক প্রশ্রয় দিয়া লোকসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্রহণ কৰা হ’ব৷ আনহাতে আই এছ আই, আল–কায়দাৰ কূটাঘাত সন্দর্ভত আৰক্ষীৰ শীর্ষ বিষয়াজনে কয়– এনে ধৰণৰ ভাবুকি সময়ে সময়ে আহি থাকে, তাৰ বাবে অসম আৰক্ষী সাজু৷ কিন্তু মূল সমস্যাটো হৈছে সমাজত ধর্মৰ নামত অস্থিৰতা আনিব খোজা লোকসকলক লৈ৷ সকলো এই দিশত সজাগ হ’ব লাগিব৷

উল্লেখ্য যে ২০২০ বর্ষৰ ১ ছেপ্টেম্বৰৰ পৰা চলিত বছৰৰ ৩১ আগষ্ট পর্যন্ত কর্তব্যৰত অৱস্থাত প্রাণ আহুতি দিয়া দেশৰ ৰাজ্যসমূহৰ আৰক্ষী, কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী আৰু কেন্দ্রীয় আৰক্ষী সংস্থাসমূহৰ শ্বহীদসকলৰ পৱিত্র সোঁৱৰণত কালি সমগ্র দেশৰ লগতে অসম আৰক্ষীৰ উদ্যোগতো ‘স্মৃতি দিৱস’ পালন কৰা হয়৷

কাহিলিপাৰাস্থিত চতুর্থ অসম আৰক্ষী বাহিনীৰ চৌহদত কেন্দ্রীয়ভাৱে আয়োজিত এই ‘স্মৃতি দিৱস’ত উপস্থিত থাকি মুখ্য সচিব জিষ্ণু বৰুৱাই ‘শ্বহীদ স্মৃতি সৌধ’ত পুষ্পাঞ্জলি অর্পণ কৰে আৰু শ্বহীদসকলৰ ত্যাগক শ্রদ্ধাৰে স্মৰণ কৰে৷ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নীৰজ বার্মা, বিশেষ আৰক্ষী সঞ্চালকপ্রধানসক ক্রমে কে ভি সিং দেউ, জি পি সিং, ড০ এল আৰ বিষ্ণই আৰু এছ এন সিঙকে ধৰি অন্যান্য জ্যেষ্ঠ আৰক্ষী বিষয়াৰ লগতে বিভিন্ন বর্গৰ বিষয়া আৰু জোৱান আদিয়েও ‘স্মৃতি সৌধ’ত পুষ্পাঞ্জলি নিবেদন কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই ‘স্মৃতি দিৱস’ৰ তাৎপর্যৰ বিষয়ে ব্যাখ্যা আগবঢ়াই বীৰ শ্বহীদসকলৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি নিবেদন কৰে৷ এই অনুষ্ঠানতে দেশৰ বীৰ শ্বহীদসকলৰ নামসমূহো পাঠ কৰি দিয়া হয়৷

উল্লেখ্য যে এইসকলৰ ভিতৰত অসমৰ মুঠ ৫০গৰাকী শ্বহীদ আছে আৰু ইয়াৰে ৪৩গৰাকীয়ে ক’ভিড মহামাৰীৰ প্রথম আৰু দ্বিতীয় ঢ়ৌত প্রথম শাৰীৰ যোদ্ধা হিচাপে কর্তব্য পালনৰ সময়ত ‘ক’ৰোনা’ত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল৷ আন ৭গৰাকী শ্বহীদ ক্রমে উপ–পৰিদর্শক স্বপন কুমাৰ ৰয়, হাবিলদাৰ শ্যামসুন্দৰ দুচাদ, কনিষ্টবল লিটন শুক্লবৈদ্য, কনিষ্টবল চামচুজামান বৰভূঞা, কনিষ্টবল মজৰুল হক বৰভূঞা, কনিষ্টবল ৰবেন দাস আৰু কনিষ্টবল নজমুল হুছেইন৷ ‘স্মৃতি পেৰেড’ত অংশগ্রহণ কৰা আৰক্ষী জোৱানসকলে তোপধ্বনিৰে বীৰ শ্বহীদসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰে৷

You might also like