সামান্য কাজিয়াতে মছলা খুন্দনাৰে মৰিয়াই মহিলাক নৃশংস হত্যা ভাৰাতীয়া মহিলাৰ
নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্র ৰাজ্য৷ মহানগৰীৰ পশ্চিম বৰাগাঁৱত সংঘটিত হয় এই বর্বৰ হত্যাকাণ্ড৷ পাকঘৰৰ এটা চুকৰ পৰা উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ৷ মৃত মহিলাগৰাকী হৈছে আন্তিমা গুপ্তা৷
উল্লেখ্য যে বুধবাৰে মহিলাগৰাকীৰ স্বামী সন্তোষ গুপ্তাই তেওঁৰ পত্নী নিখোজ হোৱা বুলি গড়চুক আৰক্ষীৰ ওচৰত দাখিল কৰিছিল এখন এজাহাৰ৷ এই এজাহাৰত স্বামী সন্তোষ গুপ্তাই পত্নীক মুক্তিপণ বিচাৰি বি এল টি নামৰ এটা সংগঠনে ৮০ লাখ টকা বিচৰা বুলি আৰক্ষীক অৱগত কৰিছিল৷ লগতে পত্নীৰ ম’বাইলৰ পৰা সন্তোষ গুপ্তাক ধন নিদিলে হত্যা কৰাৰ মেছেজ দিয়া বুলি উল্লেখ কৰিছিল৷
তাৰ মাজতে বৃহস্পতিবাৰে ভাৰাতীয়া দেৱযানী দাসে গড়চুক আৰক্ষীক তেওঁলোকৰ ঘৰত আন্তিমা গুপ্তাৰ মৃতদেহ লুকাই ৰখাৰ কথা অৱগত কৰিছিল৷ ভাৰাতীয়া দেৱযানীৰ ভাষ্যৰ ভিত্তিতে উক্ত নিশাই পশ্চিম বৰাগাঁৱৰ সন্তোষ গুপ্তাৰ ভাতৃ প্রমোদ গুপ্তাৰ ভাৰাঘৰৰ পৰা উদ্ধাৰ কৰে আন্তিমা গুপ্তাৰ মৃতদেহ৷
ইয়াৰ পাছতে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি থানালৈ সোধা–পোছাৰ বাবে লৈ আনে স্বামী সন্তোষ গুপ্তা, ভাৰাতীয়া দেৱযানী দাস আৰু দেৱযানীৰ স্বামী দীপজ্যোতি দাসক৷ আৰক্ষীয়ে প্রাৰম্ভিক জেৰাত স্বামী সন্তোষ গুপ্তাই পত্নী আন্তিমা গুপ্তাক হত্যা কৰি মৃতদেহটো লুকুৱাই ৰখাৰ সন্দেহ কৰিছিল যদিও আজি সন্ধিয়া আৰক্ষীৰ ওচৰত ভাৰাতীয়া দেৱযানী দাসে দিয়া বিস্ফোৰক স্বীকাৰোক্তিয়ে লোমহর্ষক হত্যাকাণ্ডটোৰ সকলো ৰহস্যৰ ওৰ পেলায়৷ আজি গড়চুক থানাত আৰক্ষীৰ জেৰাত ধৃত দেৱযানী দাসে স্বীকাৰ কৰে যে সামান্য কাজিয়াৰ বাবে আন্তিমা গুপ্তাক তেৱেঁই হত্যা কৰিছিল৷ দুয়োগৰাকী মহিলাৰ মাজত সামান্য কথাক লৈ সৃষ্টি হোৱা বাক্–বিতণ্ডাই পাছত কাজিয়াৰ ৰূপ লয় আৰু দেৱযানী দাসে পাকঘৰৰ মছলা খুন্দনাৰে আন্তিমা গুপ্তাক আঘাত কৰাৰ পাছতে মহিলাগৰাকীয়ে মৃত্যুক সাবটি লয়৷ আৰক্ষীৰ সন্মুখত হত্যাকাৰী দেৱযানী দাসে ইচ্ছাকৃতভাৱে এই হত্যাকাণ্ড সংঘটিত কৰা নাছিল বুলি স্বীকাৰোক্তি দিয়াৰ লগতে ক্রোধৰ বশৱর্তী হৈ মছলা খুন্দনাৰে প্রচণ্ড আঘাত কৰাৰ বাবেই আন্তিমা গুপ্তাৰ মৃত্যু হোৱা বুলি প্রকাশ কৰে৷ এই স্বীকাৰোক্তিৰ পাছতে আৰক্ষীয়ে হত্যাকাৰী দেৱযানী দাসক গ্রেপ্তাৰ কৰে৷
উল্লেখ্য যে সন্তোষ গুপ্তাৰ ঘৰৰ কাষতে থকা ভাতৃ প্রমোদ গুপ্তাৰ বাসগৃহত ভাৰাতীয়া হিচাপে আছিল দেৱযানী দাস৷ ইফালে দেৱযানী দাসৰ এই স্বীকাৰোক্তিৰ পাছত মৃত আন্তিমা গুপ্তাৰ স্বামী সন্তোষ গুপ্তাই ৮০ লাখ টকা দাবী কৰি অজ্ঞাত সংগঠনে ধন দাবী কৰা বুলি আৰক্ষীক অৱগত কৰা বিষয়টোৱে আন এক ৰহস্য সৃষ্টি কৰিছে৷ স্বামী সন্তোষ গুপ্তাই দাবী কৰা ধন আদায় নিদিলে হত্যা কৰা হ’ব বুলিও বি এল টি নামৰ সংগঠনটোৱে মেছেজ দিয়া বুলি আৰক্ষীৰ আগত সদৰী কৰিছিল৷ মৃত মহিলাগৰাকীৰ স্বামীৰ এই ৰহস্যজনক বক্তব্যই সমগ্র হত্যাকাণ্ডটোকে বিতর্কৰ মাজলৈ ঠেলি দিছে৷ অৱশ্যে আজি দিনৰ ভাগতে সন্তোষ গুপ্তাই তেওঁৰ পত্নীক দেৱযানীয়ে হত্যা কৰিছে বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছিল৷ সন্তোষ গুপ্তাৰ এনে ভাষ্যৰ পাছতে নিশাৰ ভাগত দেৱযানী দাসৰ স্বীকাৰোক্তিও ৰহস্যজনক বিবেচিত হৈছে৷