নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বতৰৰ বাতৰিৰ সময়ত মার্কিন চেনেলত সম্প্রচাৰ পর্ন’গ্রাফীৰ ভিডিঅ’

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: প্রখ্যাত সংবাদ সংস্থা চিবিএছৰ স্বীকৃতিপ্রাপ্ত নিউজ চেনেল কেআৰইএম–এ বতৰ বিজ্ঞান বিভাগৰ সংবাদৰ সময়তে এক পর্ন’গ্রাফী ক্লিপ দর্শকসকলৰ বাবে সম্প্রচাৰ কৰা ঘটনাক লৈ হতচকিত হৈ পৰে আমেৰিকাৰ নাগৰিকসকল৷

ৱাশ্বিংটনৰ এই নিউজ চেনেলটোৰ পর্ন’গ্রাফী ভিডিঅ’ সম্প্রচাৰ কৰে বিখ্যাত বতৰ বিজ্ঞানী মাইকেল ব’ছে বতৰ সন্দর্ভত দর্শকসকলক সবিশেষ তথ্য জনাই থকাৰ সময়তে৷ ১৩ ছেকেণ্ডৰ এই ভিডিঅ’ সম্প্রচাৰ হোৱাৰ লগে লগে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় দর্শকসকলৰ মাজত৷ লক্ষণীয়ভাৱে এই ঘটনাক লৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে জ্বৰ৷

নিউজ চেনেলটোক এনে কার্যৰ বাবে ক্ষমা বিচাৰিবলৈ ছ’চিয়েল মিডিয়াত কেইবাহাজাৰো দর্শকে দাবী জনাইছে যদিও এই বাতৰি যুগুতোৱাৰ পৰলৈ নিশ্চুপ হৈ আছে কেআৰইএম কর্তৃপক্ষ৷ অৱশ্যে ইতিমধ্যে ৰুজু হোৱা এক আৰক্ষীৰ গোচৰৰ তদন্তত সহযোগিতা আগবঢ়াইছে নিউজ চেনেলটোৱে৷

You might also like