নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তিমাৰ স্বামীৰে অবৈধ প্রেম হত্যাকাৰী দেৱযানীৰ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ পশ্চিম বৰাগাঁৱত সংঘটিত চাঞ্চল্যকৰ আন্তিমা গুপ্তা হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে৷ গড়চুক আৰক্ষীৰ মাৰাথন জেৰাত হত্যাকাৰী দেৱযানী দাসে কিদৰে আন্তিমা গুপ্তাক হত্যা কৰিছিল, তাৰ বিস্ফোৰক স্বীকাৰোক্তি দিছে৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আন্তিমাৰ স্বামী সন্তোষ গুপ্তাৰ সৈতে দেৱযানীয়ে দীর্ঘদিন ধৰি অবৈধ প্রেমৰ সম্পর্ক বজাই ৰাখিছিল৷ অবৈধ প্রেমৰ পৰিণতিতেই যোৱা ২০ অক্টোবৰত সংঘটিত হৈছিল এই নাৰকীয় হত্যাকাণ্ড৷ উক্ত দিনা দেৱযানী আৰু আন্তিমাৰ দুয়োৰে স্বামী কামলৈ ওলাই যোৱাৰ পাছতেই দিনৰ প্রায় ১০.৪০ বজাত দেৱযানীৰ ভাৰাঘৰত প্রৱেশ কৰিছিল আন্তিমা গুপ্তা৷ দেৱযানীয়ে সন্তোষ গুপ্তাৰ সৈতে অবৈধ প্রেমৰ সম্পর্ক ৰক্ষা কৰি অহাক লৈ প্রথমে দুয়ো তর্কাতর্কিত লিপ্ত হয়৷ ইয়াৰ পাছতে দেৱযানীয়ে আন্তিমা গুপ্তাক চুলিত ধৰি মাটিত পেলাই দিয়ে৷ আন্তিমাই দেৱযানীৰ কবলৰ পৰা উদ্ধাৰ পাবলৈ হাতৰ আঙুলিত কামুৰি দিয়ে৷ আন্তিমা দেৱযানীৰ কবলৰ পৰা ওলাই অহাৰ পাছতে দেৱযানীয়ে আন্তিমাক গালত কামোৰে৷ দুয়োৰে মাজত হোৱা খণ্ডযুদ্ধৰ পৰিণতিত দেৱযানীয়ে মছলা পিচিবলৈ ব্যৱহাৰ কৰা লোহাৰ মাৰিডালেৰে আন্তিমাক মূৰত প্রহাৰ কৰে৷ আন্তিমা অচেতন হৈ পৰাত দেৱযানীয়ে ডিঙি চেপি হত্যা কৰে৷ হত্যাকাণ্ডৰ পাছতে অতি পৰিকল্পিতভাৱে দেৱযানীয়ে আন্তিমাৰ মৃতদেহটো এটা পলিথিনত ভৰাই পাকঘৰৰ গেছৰ চিলিণ্ডাৰ ৰখা স্থানত লুকুৱাই থয়৷

দেৱযানীয়ে আন্তিমাক হত্যা কৰি অন্য ৰূপ দিবলৈ আন্তিমা গুপ্তাক অপহৰণ কৰা বুলি আন্তিমাৰ ম’বাইলৰ পৰা স্বামী সন্তোষ গুপ্তালৈ ৮০ লাখ টকা মুক্তিপণ বিচাৰে৷ বুধবাৰে বিয়লি সন্তোষ গুপ্তাই আন্তিমাৰ অপহৰণ সন্দর্ভত গড়চুক থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আন্তিমাৰ ম’বাইল ফোন ট্রেক কৰি বৃহস্পতিবাৰে নিশা দেৱযানী দাসৰ পাকঘৰত আন্তিমাৰ মৃতদেহটো উদ্ধাৰ কৰে৷

আৰক্ষীয়ে নিশাই দেৱযানী দাস আৰু দেৱযানীৰ স্বামী দীপজ্যোতি দাসক আটক কৰি সোধা–পোছা অব্যাহত ৰাখে৷ আৰক্ষীৰ মাৰাথন জেৰাত কালি নিশা দেৱযানীয়ে আন্তিমাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে৷ লক্ষণীয় যে দেৱযানীয়ে স্বামীক আন্তিমাক হত্যা কৰাৰ কথা কোৱা নাছিল৷ অতি স্বাভাৱিকভাৱে দেৱযানীয়ে আন্তিমাৰ মৃতদেহ লুকুৱাই থোৱা পাকঘৰতে ভাত–চাহ ৰান্ধি পৰিয়ালৰ লোকক যোগান ধৰিছিল৷ কিন্তু বৃহস্পতিবাৰে বিয়লি আন্তিমাৰ মৃতদেহৰ পৰা গোন্ধ ওলোৱাত স্বামী দীপজ্যোতিক ফোন কৰি কোনোবাই আন্তিমাক হত্যা কৰি তেওঁলোকৰ পাকঘৰত পেলাই থৈ যোৱা বুলি অৱগত কৰে৷

ইয়াৰ পাছতে গড়চুক আৰক্ষীয়ে নিশা দেৱযানীৰ মৃতদেহ উদ্ধাৰ কৰে৷ ইফালে আজি আৰক্ষীয়ে কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত দেৱযানীক হাজিৰ কৰাই সাত দিনৰ জিম্মাত বিচাৰে যদিও আদালতে দেৱযানীক তিনি দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে৷

You might also like