গুৱাহাটীত চীফ অৱ দ্য ডিফেঞ্চ ষ্টাফ বিপিন ৰাৱাট
নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ দক্ষিণ–পূব এছিয়া আৰু ভাৰত উপমহাদেশত প্রভুত্ব বিস্তাৰৰ লক্ষ্য চীনৰ৷ –এই মন্তব্য দেশৰ চীফ অৱ দ্য ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱাটৰ৷ শনিবাৰে সন্ধিয়া গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি ৰাৱাটে কয় যে চীনে ম্যানমাৰত খোপনি পোতাৰ চেষ্টা চলাই অহাৰ লগতে পাকিস্তানক সহায় কৰি আহিছে৷ পাকিস্তানে আই এছ আইৰ জৰিয়তে ভাৰতত শান্তি বিঘ্ণিত কৰিব বিচাৰে৷ বিশেষকৈ জম্মু–কাশ্মীৰত তেওঁলোকে সন্ত্রাসবাদী কার্যকলাপ চলাব বিচাৰে৷ চীনৰ গতিবিধিৰ লগতে পাকিস্তানৰ সন্ত্রাসবাদী কার্যকলাপ আৰু আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত ভাৰতে চোকা দৃষ্টি ৰাখিছে৷ অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলবাস চীনৰ পৰা সতর্ক থকাৰ আহ্বান জনাই তেওঁ কয় যে চাইবাৰ আক্রমণ অকল সামৰিক বাহিনীৰ ওপৰতে নহয়, দেশৰ বেংকিং ব্যৱস্থা, ৰে’লৱেকে ধৰি সকলো খণ্ডতে ক্ষতিগ্রস্ত কৰিব পাৰে৷ সেয়ে এইক্ষেত্রত সকলোৱে সতর্কতা অৱলম্বন কৰা উচিত৷
আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্রত ভাৰত যথেষ্ট সংবেদনশীল বুলি উল্লেখ কৰি তেওঁ কয় যে আভ্যন্তৰীণ সুৰক্ষা অক্ষুণ্ণ ৰখাৰ ক্ষেত্রত জনসাধাৰণৰো গুৰুদায়িত্ব আছে৷ প্রত্যেকজন জনসাধাৰণৰে সন্দেহযুক্ত লোকক প্রশ্ণ কৰাৰ, তেওঁলোকৰ গতিবিধিৰ ওপৰত আৰক্ষীক অৱগত কৰোৱাৰ অধিকাৰ আছে৷ ভাৰত–চীন সীমান্ত প্রসংগত তেওঁ কয় যে ভাৰতে সেয়া সমাধান কৰিবলৈ সক্ষম হ’ব৷ পূর্বতেও ভাৰত–চীন সীমান্তক লৈ বহু বিষয় উত্থাপন হৈছিল৷ সম্প্রতি চীন সীমান্তত ভাৰতীয় সেনাৰ সঞ্চালনৰ প্রসংগত তেওঁ কয় যে বর্তমান সংবাদ মাধ্যম তাত গৈছে বাবেই সেয়া দেখিছে৷ কিন্তু সদায়ে সীমান্তত সেনা সষ্টম হৈ থাকে৷ সীমান্তত সেনাৰ প্রশিক্ষণ নিয়মিত ঘটনা৷ সেইদৰে চীনে ম্যানমাৰত খোপনি পোতাৰ চেষ্টা চলোৱাৰ প্রসংগত ৰাৱাটে কয় যে ম্যানমাৰত চীনে যথেষ্ট বিনিয়োগ কৰিছে৷ ম্যানমাৰৰ সীমান্ত অঞ্চলৰ বাবে চীনে বিনিয়োগ কৰিছে৷ কিন্তু ম্যানমাৰৰ লগত ভাৰতৰ ভাল সম্পর্ক আছে৷ দুয়োখন দেশে একেলগে ব্যৱসায়–বাণিজ্য কৰি আছে৷ ম্যানমাৰে চীনতকৈ ভাৰতৰ ওপৰত যথেষ্ট ভৰসা কৰে৷ তেওঁলোকে চীনৰ সহায় নিবিচাৰে৷ ম্যানমাৰৰ প্রসংগত তেওঁ ৰহিংগ্যা, ড্রাগ্ছৰ সৰবৰাহ, মানৱ সৰবৰাহ আদিয়ে সমস্যা সৃষ্টি কৰি অহাৰ প্রসংগও দোহাৰে৷ পাকিস্তানৰ ক্ষেত্রত চীনে সহায় কৰি অহাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে পাকিস্তানে আই এছ আইৰ জৰিয়তে ভাৰতৰ শান্তি প্রক্রিয়া বিঘ্ণিত কৰিব বিচাৰে৷
ভাৰতৰ বিশেষকৈ জম্মু–কাশ্মীৰত শান্তি প্রক্রিয়া যাতে বিঘ্ণিত কৰিব নোৱাৰে, তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে৷ সম্প্রতি পৰিস্থিতি নিয়ন্ত্রণাধীন৷ প্রতিটো মুহূর্ততে নিৰাপত্তা বাহিনী সষ্টম হৈ আছে৷ জনসাধাৰণে ভয় কৰাৰ প্রয়োজন নাই৷ চোৰাংচোৱা ব্যৱস্থাও শক্তিশালী কৰা হৈছে৷ দেশৰ সুৰক্ষাৰ ক্ষেত্রত সীমান্ত অঞ্চলত শিক্ষা, স্বাস্থ্যকে ধৰি সকলো ধৰণৰ উন্নয়নত গুৰুত্ব দিয়াৰ তেওঁ পোষকতা কৰে৷ চুবুৰীয়া ৰাষ্ট্র বাংলাদেশ, নেপাল, ভূটানৰ সৈতে ভাৰতৰ সম্পর্ক ভাল বুলি উল্লেখ কৰি তেওঁ কয় যে ভূটানৰ নেপালী শৰণার্থীয়ে সময়ে সময়ে সমস্যাৰ সৃষ্টি কৰি আহিছে যদিও সেয়া সমাধান কৰিব পৰা যাব৷ ইয়াৰ পূর্বে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম আৰক্ষীয়ে আয়োজন কৰা প্রথম ৰবিকান্ত সিং সোঁৱৰণী বত্তৃণতাৰ মূল বত্তৃণতা প্রদান কৰি জেনেৰেল ৰাৱাটে কয় যে অসম ভাৰতৰ লগতে দক্ষিণ–পূব এছিয়া তথা আছিয়ান দেশসমূহৰ দুৱাৰমুখস্বৰূপ৷
অসমৰ ভৌগোলিক অৱস্থিতিৰ এইক্ষেত্রত বিশেষ গুৰুত্ব আছে৷ ‘আছাম এট ক্রছ ৰোড্ছ ঃ জি’ পলিটিকেল ইভেণ্টছ ইন ইটছ নেইবাৰহুড ইম্পেকটিং নর্থ–ইষ্ট ইণ্ডিয়া’ শীর্ষক বত্তৃণতাৰ আৰম্ভণিতে তেওঁ ৰবিকান্ত সিঙলৈ শ্রদ্ধ নিবেদন কৰি কয় যে সিঙৰ দৰে বীৰ সন্তানসকলে আমাৰ দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে প্রাণ বিসর্জন দিছে৷ তেওঁলোকৰ এই ত্যাগ আমি পাহৰিব নালাগে৷ ভাষণত জেনেৰেল ৰাৱাটে কয় যে এছিয়া ২০৩০ চনৰ ভিতৰত বিশ্বৰ প্রধান কেন্দ্র হৈ পৰিব৷ এইক্ষেত্রত তেওঁ ভাৰত, চীন, জাপানৰ দৰে এছিয়াৰ শক্তিসমূহৰ দ্রুত উত্থানৰ কথা উল্লেখ কৰি কয় যে ভাৰতে চুবুৰীয়া ৰাষ্ট্রসমূহৰ বাবে গ্রহণ কৰা ‘সাগৰ’ আৰু এক্ট ইষ্ট পলিচীৰ দৰে নীতিয়ে অসমৰ প্রতি বিশেষ গুৰুত্ব কঢ়িয়াই আনিছে৷ কাৰণ আছিয়ান তথা পূব আৰু দক্ষিণ–পূব এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পর্ক উন্নত কৰাৰ পথৰ দুৱাৰমুখেই হৈছে অসম৷ অঞ্চলটোৰ প্রাকৃতিক সম্পদৰাজি আৰু জলবায়ু পৰিৱর্তনত থকা ভূমিকাৰ কথাও ভাষণত দোহাৰে৷ ভাষণত জেনেৰেল ৰাৱাটে অসমৰ মানুহ, প্রকৃতি আৰু অসমীয়া সংস্কৃতিৰ উচ্চ প্রশংসা কৰে৷ মা কামাখ্যাৰ আশীর্বাদেৰে ধন্য ৰাজ্যখনৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি আহোমৰ ৬০০ বছৰীয়া শাসনৰ গৰিমাৰ কথা দোহাৰে৷ শৰাইঘাটৰ যুদ্ধত অসমৰ মানুহৰ বীৰত্ব, ৰণনীতি আৰু কূটনীতিৰ উচ্চ প্রশংসা কৰে৷
আধুনিক বিশ্বত উন্নয়নৰ বাবে উন্নত যোগাযোগ ব্যৱস্থা অপৰিহার্য বুলি উল্লেখ কৰি তেওঁ ভাৰত–ম্যানমাৰ–থাই ত্রিদেশীয় ৰাজপথৰ বিষয়ে দোহাৰি কয় যে এনে যোগাযোগৰ ক্ষেত্রত অসমৰ ভৌগোলিক স্থিতিৰ সুকীয়া গুৰুত্ব আছে৷ অসমৰ ব্রহ্মপুত্র আৰু বৰাকৰ জলপথেৰে বাংলাদেশৰ বন্দৰৰ যোগাযোগে বহন কৰাৰ প্রচুৰ সম্ভাৱনীয়তাৰ প্রসংগ উনুকিয়াই তেওঁ কয় যে এনে উন্নত যোগাযোগৰ পৰা ভূটান–নেপালৰ দৰে চুবুৰীয়া দেশসমূহ লাভান্বিত হ’ব৷ অসমৰ শিক্ষিত মানৱ সম্পদৰ প্রশংসা কৰি তেওঁ কয় যে বর্তমান সময়ৰ চাহিদাৰ সৈতে খাপ খুৱাই দক্ষতাসম্পন্ন মানৱ সম্পদৰ বিকাশ ঘটালে ৰাজ্যখনৰ লগতে দেশো লাভান্বিত হ’ব৷ অসমৰ নৱপ্রজন্মৰ প্রতিভা প্রসংগত তেওঁ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইৰ সফলতা উল্লেখ কৰে৷
ভাষণত তেওঁ অসম আৰক্ষীয়ে চি আৰ পি এফৰ সহযোগত সকলো উগ্রপন্থীক নিয়ন্ত্রণ কৰাৰ সফলতাৰ বিষয়ে উল্লেখ কৰি কয় যে পূর্বতে আন্তঃৰাষ্ট্রীয় সীমান্তৰ পৰা উগ্রপন্থীৰ কূটাঘাতৰ প্রত্যাহ্বান আছিল৷ উগ্রপন্থীসকলে ৰাজ্যখনত কূটাঘাত সংঘটিত কৰি চুবুৰীয়া ৰাষ্ট্রলৈ পলাই গৈছিল৷ ইতিমধ্যে বাংলাদেশ, ভূটান আৰু ম্যানমাৰত ভাৰতে উগ্রপন্থীবিৰোধী অভিযান চলাইছে৷ অনুষ্ঠানত বাংলাদেশস্থিত ভাৰতৰ উচ্চায়ুক্ত বিক্রম কুমাৰ ডোৰাইস্বামীয়ে ভাৰত আৰু বাংলাদেশৰ সু–সম্পর্কৰ পৰা দেশ দুখনৰ লাভ আৰু এই সম্পর্কই বহন কৰা সম্ভাৱনীয়তাৰ ব্যাখ্যা আগবঢ়াই ভাষণত বাংলাদেশৰ স্বাধীনতা সংগ্রামত ভাৰতৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে বাংলাদেশক তিনিওফালৰ পৰা ভাৰতে আগুৰি আছে৷ স্বাধীনতাৰ পূর্বে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সৈতে বর্তমানৰ বাংলাদেশৰ সু–যোগাযোগ ব্যৱস্থা আছিল৷
দেশ বিভাজনৰ ফলত এই যোগাযোগ ব্যৱস্থা ব্যাহত হয় যদিও বাংলাদেশৰ সৈতে উন্নত যোগাযোগৰ সম্ভাৱনীয়তা আছে৷ অনুষ্ঠানত উদ্বোধনী ভাষণত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই চীন, ম্যানমাৰ আদি চুবুৰীয়া ৰাষ্ট্রৰ সৈতে ভাৰতৰ সম্পর্কৰ ইতিহাস আলোকপাত কৰি কয় যে চীনা পৰিব্রাজক হিউয়েনচাঙৰ অসম ভ্রমণ আৰু পৰিব্রাজকগৰাকীয়ে সেই ভ্রমণকালত অসমৰ সৈতে চীনৰ পুৰণি সম্পর্কৰ সমল বিচাৰি পোৱাৰ কথাও উল্লেখ কৰে৷ ব্রিটিছৰ শাসনকালত চীনৰ সৈতে পথ যোগাযোগৰ বাবে চলা অভিযান, চীনৰ আন্তঃআঞ্চলিক আর্থিক বৈষম্য, ম্যানমাৰত চীনৰ প্রভাৱ বৃদ্ধি আৰু এইক্ষেত্রত ভাৰতৰ কৰণীয়ৰ বিষয়েও উল্লেখ কৰে৷ অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তয়ো ভাষণ দিয়ে৷
উল্লেখ্য যে ১৯৮৭ চনত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ৰবিকান্ত সিঙে ১৯৯৬ চনত তিনিচুকীয়াত উগ্রপন্থীৰ আক্রমণত নিহত হৈছিল৷ আজি এই অনুষ্ঠানত প্রয়াত ৰবিকান্ত সিঙৰ জীয়ৰী নূপুৰ সিঙো উপস্থিত থাকে৷