নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ এঘাৰ মাইলত পথ দুৰ্ঘটনাঃ এজন নিহত, আহত দুই

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: নগাঁৱৰ ৰাঙলুৰ সমীপৰ ৩৬ নং চাৰিলেনযুক্ত ঘাইপথৰ এঘাৰ মাইলত আজি সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰ ভাবে আহত হয় ।

জানিব পৰা মতে এখন ই ৰিক্সাক অতিক্ৰম কৰিবলৈ গৈ নগাঁও দিশে আহি থকা এছ ০৯ বি ৯৪৯৫ নম্বৰৰ মহিন্দ্ৰা কে ইউ ভি গড়ীখনে পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত মহীন্দ্ৰা গাড়ীখনৰ এজন আৰোহী থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰ ভাৱে আহত হয়।

বাতৰি লিখা পৰলৈকে দুৰ্ঘটনাত নিহত লোকজন চিনাক্ত হোৱা নাই যদিও আহত লোক দুজনৰ নাম চিদ্দিক আলি আৰু ছফিকুল ইছলাম। আহত দুয়োজন লোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে ৩৬ নং চাৰিলেনযুক্ত ঘাইপথৰ কেতবোৰ স্হানত পথৰ দাঁতিত একাংশ ট্ৰাক ৰাখি থোৱাৰ বাবে সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।

You might also like