নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাজান শিক্ষক কেন্দ্ৰত আঠগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জ্ঞাপন

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: শোণিতপুৰৰ বালিপৰা খনামুখৰ চিৰুৱানীত আজি ৰঙাজান শিক্ষক কেন্দ্ৰৰ উদ্যোগত আঠগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । চিৰুৱানী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ভূৱন ভূঞায়ে আৰু অনুষ্ঠানৰ আঁত ধৰে ৰঙাজান শিক্ষক কেন্দ্ৰৰ সভাপতি সোমনাথ শৰ্মাই। অনুষ্ঠানত কেন্দ্ৰ অধীনষ্ঠ বিদ্যালয়ৰপৰা ২০২০-২১ বৰ্ষত অৱসৰপ্ৰাপ্ত আঠগৰাকী শিক্ষাগুৰুক আয়োজকে ধৰ্মগ্ৰন্থ, গামোছা, জাপি, শৰাইৰে বিদায়ী সম্বৰ্ধনা জনায়। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনিশ ঠাকুৰৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি , ৰঙাজান শিক্ষক কেন্দ্ৰৰ অন্তৰ্গত শিক্ষক-শিক্ষয়িত্ৰীও উপস্থিত থাকে।

আনহাতে, উক্ত অনুষ্ঠানতেই কেন্দ্ৰটোৰ অধীনৰ বিদ্যালয়ৰপৰা অৱসৰপ্ৰাপ্ত দুগৰাকী শিক্ষকৰ সহধৰ্মীনিসকলক আৰু কৃতি শিক্ষক সকলকো সম্বৰ্ধনা জনায় ।

You might also like