নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ পাঁচ সমষ্টিৰ উপ–নির্বাচন

৩১ প্রার্থীৰ ভাগ্য নির্ণয় কৰিব ৭,৯৬,৪৫৬ ভোটাৰে

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ ৰাজ্যৰ পাঁচ সমষ্টি ক্রমে গোসাঁইগাঁও–ভৱানীপুৰত অহা ৩০ অক্টোবৰত অনুষ্ঠিতব্য উপ–নির্বাচন মুক্ত, নিকা আৰু নিৰাপদভাৱে সম্পন্ন কৰিবলৈ সকলো ধৰণে প্রস্তুত হৈছে নির্বাচন আয়োগ৷ ফলপ্রসূ নিৰীক্ষণ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নির্বাচন আয়োগৰ নির্দেশনা অনুসৰি অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই ভোটগ্রহণৰ নিৰীক্ষণ প্রক্রিয়াত ৱেব কাষ্টিঙৰ ব্যৱস্থা সংযোগ কৰিছে৷ সেইদৰে আইন–শৃংখলা, ব্যয় আদি দিশসমূহ নিৰীক্ষণ কৰিবলৈ ইতিমধ্যে নিয়োগ কৰা হৈছে সাধাৰণ আৰক্ষী আৰু ব্যয় পর্যবেক্ষক৷

উল্লেখ্য যে পাঁচ সমষ্টি দখলৰ যুঁজত অৱতীর্ণ হোৱা ৩১ প্রার্থীৰ ভাগ্য নির্ণয় কৰিব মুঠ ৭,৯৬,৪৫৬জন ভোটাৰে৷ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি পাঁচ সমষ্টিত মুঠ ১,১৭৬টা ভোটগ্রহণ কেন্দ্র থাকিব আৰু প্রতিটোতে ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে৷ ভোটগ্রহণ কেন্দ্রসমূহৰ ভিতৰত গোসাঁইগাঁৱত ২৮৫টা, ভৱানীপুৰত ২১৩টা, তামুলপুৰত ৩২২টা, মৰিয়নিত ১৮৩টা আৰু থাওৰাত ১৭৩টা৷ ইয়াৰে ৯৮৯টা মূল ভোটকেন্দ্র আৰু ১৮৭টা সহযোগী ভোটকেন্দ্র৷ ৱেব কাষ্টিং ব্যৱস্থাৰ জৰিয়তে ভোটকেন্দ্রসমূহত ভোটগ্রহণ প্রক্রিয়া জিলা নির্বাচনী বিষয়াৰ কার্যালয়, মুখ্য নির্বাচনী বিষয়াৰ কার্যালয় আৰু নির্বাচন আয়োগৰ কার্যালয়ৰ পৰা পোনপটীয়াকৈ পর্যবেক্ষণ কৰিব পাৰিব৷ তদুপৰি সুৰক্ষাৰ বাবে প্রতিটো ভোটগ্রহণ কেন্দ্র স্থাপন কৰা স্থানত কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনীৰ গোট মোতায়েন কৰা হৈছে৷ সেইদৰে প্রতিটো ভোটকেন্দ্রতে ক’ভিড প্রট’কল মানি চলাৰ ক্ষেত্রত বিশেষভাৱে গুৰুত্ব প্রদান কৰিছে নির্বাচন আয়োগে৷

ভোটাৰসকলৰ মাজত নির্দিষ্ট দূৰত্ব বজাই ৰখাৰ ব্যৱস্থা লোৱাৰ উপৰি মাস্ক, ছেনিটাইজাৰ আদি উপলব্ধ কৰি সকলো সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে৷ পাঁচ সমষ্টিৰ উপ–নির্বাচনৰ ভোটগ্রহণ প্রক্রিয়াত সামগ্রিকভাৱে ৫,৪১০জন বিষয়া নিয়োজিত হ’ব৷ ভোটগ্রহণৰ বাবে ১,৮৬৯ বেলট ইউনিট ১,৮৪৪টা কণ্ড্র’ল ইউনিট আৰু ১,৮৬১টা ভিভিপিএটি মেচিন সাজু কৰি তোলা হৈছে৷ ইফালে উপ–নির্বাচন হ’বলগীয়া পাঁচ সমষ্টিৰ মুঠ ৭,৯৬,৪৫৬জন ভোটাৰৰ ভিতৰত ৪,০৩,৩৭৪জন পুৰুষ হোৱাৰ বিপৰীতে ৩,৯৩,০৭৮গৰাকী মহিলা আৰু ৪গৰাকী তৃতীয় লিংগৰ৷ ইয়াৰ উপৰি ৩,১৬৫জন আছে ছার্ভিচ ভোটাৰ৷ তামুলপুৰ সমষ্টিত সর্বাধিক ২,১৭,৪৩২জন ভোটদাতা থকাৰ বিপৰীতে থাওৰা সমষ্টিত আটাইতকৈ কম ১,১৫,৯৭১জন ভোটদাতা আছে৷ চলিত বর্ষৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ যোৱা বর্ষৰ ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিশেষ সংক্ষিপ্ত সংশোধনীৰ যোগে যোৱা ৮ অক্টোবৰলৈ এইবাৰৰ ভোটাৰ তালিকাত এই সমষ্টিকেইটাত মুঠ ৪৩,২২৯জন ভোটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে৷

আনহাতে, উপ–নির্বাচনত ৮,৮৬৪জন ৮০ বছৰৰ ঊর্ধ্বৰ ভোটাৰ আৰু ৪,৯৯৮জন বিশেষভাৱে সক্ষম ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ প্রার্থীৰ ক্ষেত্রত গোসাঁইগাঁও সমষ্টিত আঠজন, ভৱানীপুৰত আঠজন, তামুলপুৰত ছয়জন, মৰিয়নিত চাৰিজন আৰু থাওৰা সমষ্টিত পাঁচজনে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷ আগন্তুক উপ–নির্বাচনত ভোটদানৰ বাবে দিব্যাংগসকলৰ সহায়ক হোৱাকৈ আন এটা এনড্রইডভিত্তিক ম’বাইল এপ্লিকেচন প্রস্তুত কৰি উলিওৱা হৈছে৷Divyaang Sarathi Nirvachan শীর্ষক এই এপ্লিকেচনটো ব্যৱহাৰ কৰি দিব্যাংগসকলে ভোটদানৰ বাবে ভোটকেন্দ্রলৈ অহা–যোৱা কৰিবলৈ বাহনৰ বাবে অনলাইন আবেদন জনাব পাৰিব৷ এই নির্বাচনত নাগৰিকৰ গণতান্ত্রিক অধিকাৰ ভোটদান সুনিশ্চিত কৰিবৰ বাবে অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই সংশ্লিষ্ট সকলোৰে প্রতি আহ্বান জনাইছে৷

You might also like