নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেওবাৰৰ মৰণপণ যুঁজত চাপত থাকিব ভাৰত

আই চি চি ইভেণ্টত নিউজিলেণ্ডৰ বিৰুদ্ধে ২০০৩তে লাভ কৰিছিল অন্তিমটো জয়ৰ সোৱাদ

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ  চিৰবৈৰী পাকিস্তানৰ হাতত প্রথমখন মেচতে শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত টীম ইণ্ডিয়াৰ বাবে টি–২০ বিশ্বকাপৰ ছেমিফাইনেলৰ পথ কঠিন হৈ পৰিছে৷ গ্রুপ পর্যায়ৰ পৰা ছেমি ফাইনেললৈ উন্নীত হ’বলৈ দলটোৱে অহা দেওবাৰে নিউজিলেণ্ডক পৰাস্ত কৰিব লাগিব৷ মৰণপণ যুঁজসদৃশ এই মেচখনত পৰাস্ত হ’লে বিৰাট কোহলি বাহিনী টি–২০ বিশ্বকাপৰ গ্রুপ পর্যায়ৰ পৰাই বিদায় মগাটো একপ্রকাৰ নিশ্চিত হ’ব৷ ইফালে, আই চি চি ইভেণ্টত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰিসংখ্যা যথেষ্ট দুর্বল৷ আই চি চি ইভেণ্টত ভাৰতে ২০০৩তে নিউজিলেণ্ডৰ বিৰুদ্ধে অন্তিমবাৰৰ বাবে জয়ৰ সোৱাদ লাভ কৰিছিল৷ ২০০৩ৰ এদিনীয়া বিশ্বকাপত সৌৰভ গাংগুলী নেতৃত্বাধীন টীম ইণ্ডিয়াই চেঞ্চুৰিয়ানত নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰাৰ পিছত প্রতিবাৰে দলটো আই চি চি ইভেণ্টত কিৱিৰ বিৰুদ্ধে ব্যর্থ হৈ আহিছে৷

২০০৭ৰ টি–২০ বিশ্বকাপৰ গ্রুপৰ মেচত মহেন্দ্র সিং ধোনী নেতৃত্বাধীন টীম ইণ্ডিয়াক নিউজিলেণ্ডে ১০ ৰানত পৰাস্ত কৰিছিল৷ একেদৰে ২০১৬ৰ টি–২০ বিশ্বকাপত ঘৰুৱা দল ভাৰত কিৱিৰ হাতত ৪৭ ৰানত বিধ্বস্ত হৈছিল৷ ২০১৯ৰ এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে ব্যর্থতাৰ ইতিহাস সলনি কৰাৰ সুবর্ণ সুযোগ লাভ কৰিছিল যদিও কেন উইলিয়ামছন বাহিনীয়ে ১৮ ৰানত জয়েৰে শেষ হাঁহি মাৰিছিল৷

শেহতীয়াকৈ ২০২১ৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো নিউজিলেণ্ডে ভাৰতক স্তব্ধ কৰি খিতাপ হস্তগত কৰিবলৈ সক্ষম হৈছিল৷ আই চি চি ইভেণ্টত নিউজিলেণ্ডৰ বিৰুদ্ধে এই দীঘলীয়া ব্যর্থতাৰ অৱসান ঘটাবলৈ কোহলি বাহিনীয়ে দেওবাৰে টি–২০ বিশ্বকাপত উৎকৃষ্ট প্রদর্শন দাঙি ধৰিব লাগিব৷ গুৰুত্বপূর্ণ মেচখনত জয় সাব্যস্ত কৰা দলটোৱে ছেমি ফাইনেলৰ পথ একপ্রকাৰ নিশ্চিত কৰিব পাৰিব৷ ইফালে, দেওবাৰৰ অগ্ণিপৰীক্ষাৰ প্রতি লক্ষ্য ৰাখি টীম ইণ্ডিয়াই  নেটত যথেষ্ট সময় ধৰি অনুশীলন চলোৱা দেখা যায়৷ তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক দীর্ঘদিনৰ মূৰত আজি বলিং কৰা দেখিবলৈ পোৱা যায়৷

You might also like