নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ কোটি ১০ লাখক টিকাকৰণৰ লক্ষ্য চৰকাৰৰ

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ ক’ৰোনাৰ সংক্রমণ হ্রাস কৰাৰ লক্ষ্যৰে টিকাকৰণ অভিযানত সর্বাধিক গুৰুত্ব দিয়া ৰাজ্য চৰকাৰে ইতিমধ্যে অসমৰ ৯৫ শতাংশ লোকক টিকাকৰণত সামৰি লৈছে৷ আজি এই কথা সদৰী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কিন্তু এতিয়াও বহু লোক টিকাকৰণৰ পৰা আঁতৰি আছে৷ মুখ্যতঃ ইয়াৰ প্রতি লক্ষ্য ৰাখি অহা ১৫ নৱেম্বৰৰ পৰা ৭ দিনীয়াকৈ এক মেগা ভেকচিন প্রদান অভিযান আৰম্ভ কৰিব চৰকাৰে৷ এই ৭ দিনত ঘৰে ঘৰে গৈ টিকাকৰণ কৰা হ’ব৷

খানাপাৰাৰ প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– চৰকাৰৰ লক্ষ্য ২ কোটি ১০ লাখ লোকক টিকাকৰণত সামৰি লোৱা৷ ইতিমধ্যে ২ কোটি ৭৬ হাজাৰ লোকক প্রথমপালি ভেকচিন প্রদান কৰা হৈছে৷

আনহাতে, ৭৭ লাখ লোকে দ্বিতীয় পালি ভেকচিন গ্রহণ কৰিছে৷ চৰকাৰৰ লক্ষ্য হ’ব ৰাজ্যৰ ২.১০ কোটি লোকক প্রথম পালি ভেকচিন প্রদান কৰা৷ কিয়নো এতিয়াও কার্বি আংলং, পশ্চিম কার্বি আংলং, ডিমা হাছাও জিলাৰ বহু অঞ্চলৰ লোকে ভেকচিন ল’ব বিচৰা নাই৷ একেদৰে ৮০ ঊর্ধ্বৰ বহু লোকে ভেকচিন ল’বলৈ আহিব নোৱাৰা হেতুকে টিকাকৰণৰ পৰা বঞ্চিত হৈ আছে৷ সেয়েহে ১৫ নৱেম্বৰৰ পৰা ৭ দিনীয়া এক মেগা টিকাকৰণ অভিযান আৰম্ভ কৰা হ’ব৷ এই অভিযানৰ তদাৰক কৰিব মুখ্যমন্ত্রীৰ পৰা ৰাজ্যৰ প্রশাসনিক সকলো বিষয়াই৷ এই অভিযানৰ লক্ষ্য হ’ব প্রতিখন গাঁও টিকাকৰণত সামৰি লোৱা৷ চৰকাৰে অহা ১৫ জানুৱাৰীৰ পূর্বে ৰাজ্যত প্রথম পালি ভেকচিন প্রদান সম্পূর্ণ কৰাৰ লক্ষ্য বান্ধি লৈছে৷

ইফালে, সম্ভাব্য ক’ভিডৰ তৃতীয় ঢ়ৌৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয়– টিকাকৰণৰ জৰিয়তে তৃতীয় ঢ়ৌ প্রতিৰোধৰ বাবে চৰকাৰে তৎপৰতা আৰম্ভ কৰিছে৷ সকলো লোকে ভেকচিন গ্রহণ কৰিলে তৃতীয় ঢ়ৌক লৈ চিন্তা কৰিবলগীয়া নাই৷ আনহাতে, প্রথম পালি ভেকচিন লৈ যিসকল লোক ৰাজ্যৰ বাহিৰলৈ গৈছে বা বাহিৰত কর্মৰত হৈছে, সেইসকল লোকৰ তথ্য সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহলৈ প্রেৰণ কৰা হ’ব যাতে এইসকল লোকে দ্বিতীয় পালি ভেকচিন ল’বলৈ সুবিধা লাভ কৰে৷

You might also like