নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ ইছলামিক ষ্টেট–খোৰাছান (আইছিছ–কে)ৰ উদ্দেশ্য আফগানিস্তানত শ্বৰিয়ত আইন প্রয়োগ কৰা নহয়৷ সঠিকভাৱে শ্বৰিয়ত আইন সমগ্র বিশ্বত প্রয়োগ কৰাৰ লক্ষ্য লৈছে কুখ্যাত সন্ত্রাসবাদী সংগঠনটোৱে৷ শেহতীয়াকৈ আফগানিস্তান–পাকিস্তান বিভিন্ন স্থানত ইছলামিক ষ্টেটে কূটাঘাত তীব্রতৰ কৰিছে৷ সংগঠনটোৰ লক্ষ্য হৈ পৰিছে চিয়া মুছলমান লোকসকলক হত্যা কৰা৷
শেহতীয়াকৈ ইছলামিক ষ্টেটৰ নেতা নাজিফুল্লাই সংবাদ মাধ্যমক জনাইছে যে আইছিছৰ প্রথম লক্ষ্য হৈছে পাকিস্তানক ধ্বংস কৰা৷ আফগানিস্তানৰ সকলো সমস্যাৰ মূলতেই পাকিস্তান বুলিও উল্লেখ কৰিছে নেতাজনে৷ পাকিস্তানৰ বাবেই আফগানিস্তানত সঠিকভাৱে ইছলামিক আইন প্রয়োগ কৰিব নোৱাৰিলে তালিবানে৷ তালিবানৰ সৈতে পাকিস্তানৰ সম্পর্ক থকা কথাটো এক প্রকাৰ স্পষ্টভাৱে উল্লেখ কৰিছে আইছিছ নেতাজনে৷