নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেৰণিৰ বগৰীঘাটত খাদ্যত বিষক্ৰিয়া হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

বগৰীঘাটত কুঁহিৰণিত উদ্ধাৰ মৃত হাতী

নিয়মীয়া বাৰ্তা, ১ নবেম্বৰ – পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি আঞ্চলিক বন কাৰ্য্যালয়ৰ অন্তৰ্গত দক্ষিণ অঞ্চলৰ বগৰীঘাটত দেওবাৰে এটা মৃত মাইকী হাতী উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

প্ৰাপ্ত তথ্য অনুসৰি বগৰীঘাটৰ এডৰা কুঁহিয়াৰ খেতিত স্থানীয় ৰাইজে উক্ত মৃত হাতীটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে । উল্লেখযোগ্য যে বন বিভাগৰ লোক বহু পলমকৈ সেই স্থানত উপস্থিত হৈ হাতীটো মাখুন্দী বুলি নিশ্চিত কৰে । ইপিনে উক্ত হাতীটো কুঁহিয়াৰ বাৰীত কেনেকৈ মৃত্যু হʼল সেইয়া স্পষ্ট হোৱা নাই যদিও খাদ্যৰ বিষক্ৰিয়াৰ ফলত হাতীটোৱে প্ৰাণ হেৰুৱাব লগীয়া হয় বুলি সন্দেহ প্ৰকাশ কৰিছে । কোনো দুষ্ট চক্ৰই বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ সম্ভৱতঃ খাদ্যত বিষাক্ত বিহ মিহলাই হাতীটোক হত্যা কৰে ।

উল্লেখ্য যে বিগত বহু দিন ধৰি বৃহত্তৰ খেৰণি অঞ্চলৰ বহু এলেকাত প্ৰায় ডেৰশ হাতীৰ জাকে উপদ্ৰৱ চলাই বিস্তৰ ক্ষতি সাধন কৰিছে । প্ৰতি নিশাই ৰাইজে হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ বহু চেষ্টা কৰিও বিফল হৈছে । এই ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ ফলত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে । আনহাতে উক্ত মৃত হাতীটো মৰণোত্তৰ পৰীক্ষা কৰি বন বিভাগে পুতি পেলোৱাৰ ব্যৱস্থা কৰে ।

প্ৰেৰক- হেমন্ত কুমাৰ নাথ,

You might also like