নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ভেকচিন ক’ভাক্সিনক স্বীকৃতি প্রদান অষ্ট্রেলিয়াৰ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ বিশ্ব স্বাস্থ্য সংস্থা (হু)ই ভাৰতৰ ক’ভিড–১৯ ভেকচিন ক’ভাক্সিনক স্বীকৃতি প্রদান কৰা নাই যদিও অষ্ট্রেলিয়াই এই ভেকচিনবিধক ক’ভিড প্রতিৰোধৰ ক্ষেত্রত ফলপ্রসূ বুলি ঘোষণা কৰিছে৷ আজি অষ্ট্রেলিয়া চৰকাৰে ঘোষণা কৰিছে যে ১২ বছৰ বয়সৰ ঊর্ধ্বৰ যিসকল লোকে দুটাকৈ ক’ভাক্সিন ভেকচিনৰ ড’জ লৈছে, তেওঁলোকৰ অষ্ট্রেলিয়া ভ্রমণত কোনো বাধা নাই৷ আনকি অষ্ট্রেলিয়াত প্রৱেশ কৰা এনে লোকসকলে আছুতীয়াকৈ থাকিব নালাগে বুলিও চৰকাৰে ঘোষণা কৰিছে৷ স্মর্তব্য যে বিশ্ব স্বাস্থ্য সংস্থাই এতিয়াও ভাৰতৰ ভেকচিন বিধক স্বীকৃতি প্রদান কৰা নাই৷

You might also like