মোক বিশ্বাসঘাতক নহয়, বিশ্বাসযোগ্য বুলিহে গণ্য কৰিলে থাওৰাৰ ৰাইজেঃ সুশান্ত বৰগোহাঁই
নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰঃ “মোক বিশ্বাসঘাতক নহয়, বিশ্বাসযোগ্য বুলিহে গণ্য কৰিলে থাওৰাৰ ৰাইজে। অনাগত দিনত আমি শক্তিশালীভাৱে কাম কৰি যাম। এটা দল এৰি আন এটা দললৈ যোৱাৰ পাছতো থাওৰাবাসীয়ে যে আমাক বিশ্বাস কৰি নিৰ্বাচিত কৰিলে তাৰবাবে সমূহ থাওৰাবাসীকে ধন্যবাদ জনাইছো।”-আজি উপ নিৰ্বাচনত থাওৰাৰ পৰা নিৰ্বাচনত বিজয়ী হৈ এই মন্তব্য সুশান্ত বৰগোহাঁইৰ।
থাওৰা সমষ্টিত বিপুল ভোটত জয়ী হৈছে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাই। ৩০,৫৬১ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিলে সুশান্ত বৰগোহাঁয়ে। সুশান্ত বৰগোহাঁয়ে লাভ কৰিলে মুঠ ৫৪,৯৫৬ টা ভোট। আনহাতে তেওঁৰ নিকটতম প্ৰাৰ্থী ৰাইজৰ দলৰ ধৈৰ্য্য কোঁৱৰে লাভ কৰে ২৪,৩৯৫ টা ভোট।