নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী চিৰাঙত; ১৫ নং সশস্ত্ৰ সীমা বলৰ শিবিৰ পৰিদৰ্শন

নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰ: আজি চিৰাং জিলাৰ কাজলগাঁৱত উপস্থিত হয় ভাৰতৰ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়। জিলা সদৰ কাজলগাঁওস্থিত ১৫ নং সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ মূখ্যালয় (শিবিৰ) পৰিদৰ্শন কৰাৰ লগতে চৌহদৰ বেৰেক গৃহ নিৰ্মাণৰ আধাৰশিলা আনুষ্ঠানিক ভাবে উন্মোচন কৰে মন্ত্ৰী জনে ।

মুখ্যলয়ত উপস্থিত হৈ এছ এছ বিৰ দ্বাৰা আয়োজন কৰা বৃক্ষৰোপন কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ লগতে কাৰ্যালয়ৰ জোৱান সকলৰ লগতো মতবিনিময় অনুষ্ঠানত মিলিত হয়।

আনহাতে সংবাদ মাধ্যমৰ আগত ভাৰত এতিয়া আগৰ দৰে হৈ থকা নাই বুলি উল্লেখ কৰি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত এতিয়া অধিক শক্তিশালী দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে ভাৰতৰ চাৰি সীমা সম্পূৰ্ণ ৰূপে সুৰক্ষিত হৈ থকা বুলিও উল্লেখ কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জনে মন্তব্য কৰে।।

input: বিপুল কুমাৰ দাস, কাজলগাঁও 

You might also like