নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নৰ স্বার্থতে নির্বাচনত বিজেপিক ভোট দিছে ৰাইজে

জনতাৰ ৰায় কংগ্রেছে সানুনয়ে স্বীকাৰ কৰি লৈছেঃ ভূপেন বৰা

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ উন্নয়নৰ স্বার্থতে ৰাইজে বিজেপি মিত্রজোঁটক ভোট দিছে৷ –এই মন্তব্য প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ৷ মঙলবাৰে উপ–নির্বাচনৰ ফলাফল প্রকাশৰ পিছতেই গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয় যে অসমৰ ৰাইজৰ ৰায় কংগ্রেছ দলে সানুনয়ে স্বীকাৰ কৰি লৈছে৷ বিশেষকৈ উপ–নির্বাচনসমূহৰ্ ফলাফল শাসনাধিষ্ঠিত দলটোৰ সপক্ষেই যোৱাটো একপ্রকাৰ অৱধাৰিত৷ বিভিন্ন সময়ৰ পূর্বৱর্তী উপ–নির্বাচনসমূহৰ্ ফলাফলে এই শিক্ষাই দি থৈ গৈছে বুলি উল্লেখ কৰি কয় যে ৰাজ্যৰ শাসনত বর্তমান বিজেপি নেতৃত্বাধীন চৰকাৰ আছে৷ আগন্তুক চাৰে চাৰি বছৰলৈ এইখন চৰকাৰেই শাসন কৰিব৷ সেয়ে উন্নয়নৰ স্বার্থতে ৰাইজে বিজেপিৰ পক্ষত এই উপ–নির্বাচনত ভোটদান কৰিছে৷ কিয়নো ৫টা সমষ্টিৰ উপ–নির্বাচনৰ জয়–পৰাজয়ে চৰকাৰখনৰ কোনো লাভ বা লোকচান নকৰে৷

নির্বাচনী ফলাফলৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অভিনন্দন জ্ঞাপন কৰি কংগ্রেছৰ সভাপতি বৰাই কয় যে ৰাজ্য চৰকাৰখনৰ চাৰে চাৰি বছৰীয়া কার্যকাল সমুখত ৰাখি মুখ্যমন্ত্রীয়ে উপ–নির্বাচনৰ সময়ত যি প্রতিশ্রুতি দিছিল, সেই প্রতিশ্রুতি এতিয়া অনাগত দিনত পূৰণ কৰিব লাগে৷ প্রতিটো সমষ্টিৰ উন্নয়নৰ বাবে নির্বাচনী প্রচাৰ সভাত দুই হাজাৰ কোটি টকাকৈ দিব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছিল৷ তামুলপুৰ আৰু থাওৰা সমষ্টিত একোখনকৈ মেডিকেল কলেজ, থাওৰাত দুখন পকী দলং স্থাপন, আদিবাসী ভাষাক অধিক প্রাধান্য দিয়া, মৰিয়নি সমষ্টিৰ ৪০খন বাগিচাৰ প্রতিখনতে বাগিচা শ্রমিকৰ লাইনৰ পথ নির্মাণৰ বাবে ১ কোটি টকাকৈ দিয়া, চাহ শ্রমিকৰ ল’ৰা–ছোৱালীৰ বাবে বিদ্যালয় আৰু ১০খন মহাবিদ্যালয় নির্মাণ কৰা, ভৱানীপুৰৰ বিজেপি প্রার্থীজনৰ ২৭টা দাবী পূৰণ কৰাৰ প্রতিশ্রুতি দিছিল৷ সমষ্টি ৫টাৰ জনসাধাৰণে বিকাশ আৰু উন্নয়নৰ বাবে বিজেপি মিত্রজোঁটক বিপুলভাৱে সমর্থন জনাইছে৷

সর্বসাধাৰণ ৰাইজে চৰকাৰত থকা দলটোৰ পক্ষত থাকিলে নিজৰ অঞ্চলটোৰ উন্নতি সম্ভৱ হৈ উঠিব বুলি ধাৰণা কৰি লয় আৰু সেয়া একান্ত স্বাভাৱিক কথা৷ আমি সেই ৰাইজৰ ৰায়ক সন্মান জনাইছোঁ৷ এতিয়া মুখ্যমন্ত্রীৰ সেই প্রতিশ্রুতিসমূহ পূৰণ কৰাৰ দায়িত্ব বাঢ়িল৷ ৰাজনৈতিক দল হিচাপে কংগ্রেছে এই উপ–নির্বাচনত জয়লাভ কৰিলে আনন্দিত হ’লহেঁতেন যদিও পৰাজয়ৰ বাবেও হতাশ হোৱা নাই৷

আনহাতে গোসাঁইগাঁও সমষ্টিৰ নির্বাচনী ফলাফল চাই কোনোবাই বিপিএফ, এআইইউডিএফ আৰু কংগ্রেছৰ ভোট যোগ কৰি মহাজোঁট ভংগ কৰাটো ভুল বুলি ক’ব পাৰে বুলি উনুকিয়াই বৰাই কয় যে এই উপ–নির্বাচনত মহাজোঁটৰ কোনো প্রভাৱ নাই৷ গোসাঁইগাঁৱত কংগ্রেছে ২০ বছৰে নির্বাচন খেলা নাই৷ ভৱানীপুৰতো ১০ বছৰে কংগ্রেছে নির্বাচন খেলা নাই৷ পূর্বতে খেলিছিল যদিও তিনি হাজাৰহে ভোট পাইছিল৷ তদুপৰি কংগ্রেছে নিজা শক্তি বৃদ্ধিৰ বাবে এইবাৰ উপ–নির্বাচনত বিৰোধীৰ একতা বিচৰা নাছিল৷ ইতিমধ্যে সম্পর্ক ছেদ কৰা কোনো দলৰে কংগ্রেছে পুনৰ সম্পর্ক স্থাপন নকৰে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে সমাগত মাজুলীৰ উপ–নির্বাচনত কংগ্রেছে অজাপক সহায় কৰিব৷ তাৰ বাহিৰে আন দলৰে কংগ্রেছৰ কোনো মিত্রতা নাই৷ অহা ২০২৪ চনৰ লোকসভা নির্বাচন আৰু ২০২৬ চনৰ বিধানসভা নির্বাচনৰ বাবে কংগ্রেছে এতিয়াৰে পৰাই সংগঠন শক্তিশালী কৰাৰ কামত আত্মনিয়োগ কৰিব৷

You might also like