গোৰ্খা জনগোষ্ঠীয় পৰম্পৰাগতভাৱে চিয়াজুলীত গাই তিহাৰ পালন
নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰ : আজি পোহৰৰ উৎসৱ দীপাৱলীৰ সমান্তৰালকৈ বিশ্বৰ তথা সমগ্ৰ ভাৰতৰ লগতে চিয়াজুলীৰ গোৰ্খা জনগোষ্ঠীয় লোক সকলে পালন কৰিলে গাই তিহাৰ। মূলত কৃষিজীৱী আৰু পশুপালনকে জীৱিকা হিচাপে গণ্য কৰা চহা গোৰ্খা জনগোষ্ঠীৰ লোকসকলে গাইগৰুক ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী ৰূপে মানি পালন কৰে এই তিহাৰ উৎসৱ। কাতি মাহৰ কৃষ্ণপক্ষৰ তৃতীয়া তিথিত কাগ অথাৎ কাউৰী তিহাৰৰে আৰম্ভ হোৱা গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ পাঁচদিনীয়া তিহাৰ উৎসৱত আজি তৃতীয় দিন অমাৱস্যাৰ দিনা ধুমধামেৰে ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মীক পূজা পাতল কৰা পৰম্পৰা ঐতিহ্যৰ পৰা চলি আহিছে। এই দিনটোত গোৰ্খা জনগোষ্ঠীৰ প্ৰতিঘৰ গৃহস্থই পুৱাতেই নিজৰ গোহালীৰ গাইগৰুৰ মংগলৰ বাবে ভগৱানৰ ওচৰত ধুপ ধূনা নৈবেদ্যৰ পূজা পাতল কৰি পিছত গাইগৰুৰ চৰণ ধুৱাই, ফোট, ফুলৰ মালা পিন্ধাই পিঠা পনা খাবলৈ দি গাই তিহাৰ পালন কৰে। পুৱা গাইগৰুক গো লক্ষ্মী হিচাপে পূজা পাতল কৰা গোৰ্খা জনগোষ্ঠীৰ লোকসকলে আজিৰ অমাৱস্যাৰ মধ্য নিশা ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ ধন লক্ষ্মীক পূজা পাতল কৰা পৰম্পৰা প্ৰচলিত আছে। ফটো আছে।