বালিপৰা সংৰক্ষিত বনাঞ্চলৰপৰা নোহোৱা হ’ল সজাগতামূলক বেনাৰ, হোৰ্ডিংঃ তথ্য লুকুৱাৰ চেষ্টা বনবিভাগৰ
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ অবাধ বনাঞ্চল ধ্বংস, অনিয়ন্ত্ৰিত বেদখল, জীয়াভৰলী নৈত শিল-বালি মাফিয়াৰ অবৈধ অবাধ খননৰ ফলত বন্যহস্তীৰ জীৱনলৈ সংকট নামি আহিছে শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰস্থিত বালিপৰা সংৰক্ষিত বনাঞ্চলত । প্ৰাপ্ত তথ্য মতে, পূৰ্বতে বনাঞ্চলখনৰ মাটিকালি প্ৰায় ২০ হাজাৰ বৰ্গ কিলোমিটাৰ আছিল যদিও অবাধ বেদখলৰ ফলত বনাঞ্চলখনৰ মাটিকালি প্ৰায় ৯ হাজাৰ বৰ্গ কিলোমিটাৰহে ৰৈছেহি । বনাঞ্চলখনৰ ঠায়ে ঠায়ে এচাম দুৰ্বৃত্তই স্থানীয় চাৰিদুৱাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ সোপাঢিলা মনোভাৱৰ সুযোগ লৈ দিনে-নিশাই বনাঞ্চল ধ্বংস কৰি লগতে জুই লগাই স্থান পৰিষ্কাৰ কৰি অবৈধভাৱে দখল কৰি বাসস্থান সজাৰ ফলত বনাঞ্চলখনত বসবাস কৰি থকা জাক জাক বন্যহস্তীয়ে নিৰাপদ আৱাসস্থলৰ অভাৱত ভোগাতো দুৰ্ভাগ্যজনক ।
ফলত খাদ্যৰ সন্ধানত ওলাই অহা হাতীবোৰে বাধ্য হৈ প্ৰৱেশ কৰেহি সোণাই পাম, চপালগা, গামানী, চামলগা, ঢাৰিকাটি, সোণাই মিৰি, পালেংগাঁও, গড়মৰা আদি অঞ্চলৰ ধাননিপথাৰত । ইপিনে পেটৰ ক্ষুধা নিৱাৰণ কৰিবলৈ ধান খাবলৈ প্ৰৱেশ কৰা হাতীৰ ওপৰতো এচাম লোকে নিৰ্বিচাৰ অত্যাচাৰ চলোৱাৰ অভিযোগ আছে । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বনবিভাগে বনাঞ্চলখনৰ ঢাৰিকাটি, গামানী ইত্যাদি অঞ্চলত অলপতে ঠায়ে ঠায়ে বনাঞ্চলখনৰ মুঠ মাটিকালি, মেপসমৃদ্ধ কিছুমান প্ৰকাণ্ড প্ৰকাণ্ড বেনাৰ , হৰ্ডিং আঁৰিছিল যদিও বনবিভাগৰ প্ৰকৃত স্বৰূপ ওলোৱাৰ আশংকাত বনবিভাগে এই বেনাৰসমূহ আঁতৰাই পেলোৱাৰ অভিযোগ কৰিছে স্থানীয় দল-সংগঠন, ৰাইজে ।