নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ ৰঙা,পাভ সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰিব অসম চৰকাৰে : পদ্ম হাজৰিকা

নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ নাওবৈচা,৪ নৱেম্বৰ:-অসম চৰকাৰে সংৰক্ষিত বনাঞ্চল, গ্ৰেজিঙকে ধৰি সকলো ধৰণৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।চুবুৰীয়া ৰাজ্যই হওক বা ৰাজ্যৰ ভিতৰৰ নাগৰিক, সন্দেহজনক নাগৰিকৰেই হওক চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ পণ লৈ অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে কাম কৰিছে। আজি চতিয়া সমষ্টিৰ বিধায়ক তথা চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰা চৰকাৰী ভূমি উন্নয়ন আৰু পৰিচালনা সমিতিৰ কেবিনেট মৰ্যাদা সম্পন্ন অধ্যক্ষ পদ্ম হাজৰিকাই নাওবৈচাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰে চৰকাৰৰ স্থিতি দাঙি ধৰে।

নাওবৈচাৰ উদীয়মান শৰীৰচৰ্চাবিদ বিনয় কায়স্থৰ আৱক্ষ মূৰ্তি উন্মোচনৰ কাৰ্যসূচীত উপস্থিত থাকি সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে। বিধায়ক হাজৰিকাই নাওবৈচা বিধানসভা সমষ্টিৰ অধীনস্থ পাভ আৰু ৰঙা সংৰক্ষিত বনাঞ্চল দুখন ব্যাপক বেদখলৰ কৱলত পৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, সংৰক্ষিত বনাঞ্চলেই নহয় সকলো ধৰণৰ চৰকাৰী ভূমি অতি শীঘ্ৰে বেদখলমুক্ত কৰিব। আনহাতে, ৰঙা সংৰক্ষিত বনাঞ্চলৰ ভূমি চুবুৰীয়া অৰুণাচল প্ৰদেশে ব্যাপক বেদখল কৰাৰ সন্দৰ্ভটো বিধায়ক গৰাকীক সোধা এক প্ৰশ্নত বিধায়ক গৰাকীয়ে কয় যে অসম চৰকাৰে ইতিমধ্যে মিজোৰাম,নাগালেণ্ড,মেঘালয়ৰ আদি চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী লগত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যেই আলোচনাত মিলিত হৈছে আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগতো এই সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত আলোচনাত মিলিত হৈ এক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। লগতে চতিয়াৰ বিধায়ক গৰাকীয়ে গ্ৰোখুঁটিৰ উচ্ছেদিত ভূমিত চৰকাৰীভাৱে তিনি হাজাৰ বিঘা ভূমিত সৰিয়হ, দুই হেজাৰ বিঘা ভূমিত মাকৈ খেতি কৰি থকাৰ লগতে নামঘৰ সাজি নাম কীৰ্ত্তন কৰি থকা হৈছে বুলিও সাংবাদিক জানিবলৈ দিয়ে।

You might also like