সেউজ দেৱালী মুকলি কৰি আবেগিক উপ-সভানেত্ৰী মৃণালিনী দেৱী
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰ: “মাজে মাজে মনত বৰ দুখ লাগে, ভাৱ হয় নৱ প্ৰজন্মৰ বাবে আমি জ্যেষ্ঠ সকলে প্ৰদূষণৰ পৃথিৱী খন এৰি যাম নেকি ? আমি কোনোবা খিনিত ব্যৰ্থ হৈছো নেকি ? কিন্তু, আজি মঙলদৈ গাঁৱত উপস্হিত হৈ মনৰ পৰা দুখৰ বোজা বহুত পাতল হৈছে। নৱ প্ৰজন্মৰ যুৱক-যুৱতী সকলে যিদৰে ওলাই আহিছে, ফটকা-আতচবাজি মুক্ত দেৱালী পালন কৰিবলৈ আগবাঢ়ি আহিছে, মই অন্তৰৰ গভীৰ কোণৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো, আশীৰ্বাদ কৰিছো, অসম আন্দোলনৰ পটভূমি মঙলদৈৰ পৰাই এটা বাৰ্তা যাওঁক, সেউজ দেৱালীৰেই পোহৰ হওঁক পৃথিৱী। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০৭০ চনত যি কাৰ্বন নিৰ্গমন ৰহিত ভাৰতৰ সপোন দেখিছে, সেয়া আজিৰ পৰাই দায়িত্বশীল নাগৰিক হিচাবে আমিও সামান্যতম অৰিহণা আগবঢ়াওঁ”—
এইদৰেই আজি পোহৰৰ উৎসৱ দিপান্বিতাৰ প্ৰৱিত্ৰ বন্তি প্ৰজ্বলন কৰি আবেগিক হৈ পৰিল অসম সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্ট সমাজসেৱী আৰু জাতীয় চিন্তাৰ বাহক মৃণালিনী দেৱী। মনকৰিবলগীয়া যে, নেয়া নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত ৫ হাজাৰ বন্তি জ্বলাই মঙলদৈ গাঁৱত সেউজ দেৱালী পালনৰ দিহা কৰা হৈছিল। আড়ম্বৰপূৰ্ণ অনুষ্ঠানলৈ গাঁৱৰ পুৰুষ-মহিলা, যুৱক-যুৱতী ওলাই আহিছিল। কাৰ্যসূচীত মুখ্য অতিথি হিচাবে অংশ লৈছিল মৃণালিনী দেৱীয়ে। উপস্হিত হৈয়েই গাঁৱৰ ৰাইজৰ আন্তৰিকতাত তেওঁ অভিভূত হৈ পৰে। সকলোৱে তেওঁৰ চৰণ চূই সংস্কাৰী মনোভাৱৰ চিনাকি দিয়াই নহয় ফুলৰ বৰষুণত কৰি তোলে আৱেগিক। ইয়াৰ মাজতে দৃঢ়মনা মৃণালিনী দেৱীয়ে চমু অথচ তাৎপৰ্যপূৰ্ণ ভাষণ ৰাখে। নেয়াৰ মুখ্য সংগঠক সাগৰ বৈশ্য সহ যুৱনেতা বিশ্বজিৎ শইকীয়াই আঁতধৰা কাৰ্যসূচীত মঙলদৈৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা, বিজেপি নেতা বসন্তদেৱ গোস্বামী, ৰূপম কাশ্যপ সহ কেবাজনো বিশিষ্টলোকে ভাগ লয়। ভাষণ প্ৰসংগত প্ৰাক্তন সাংসদ ডেকাই ফটকাই সৃষ্টি কৰা প্ৰদূষণ ৰসায়ন আৰু মানুহৰ দেহত দেখা দিয়া ৰোগ সম্পৰ্কত ব্যাখ্যা কৰি ক্ষণিকৰ আনন্দই সমাজলৈ মাতি অনা অভিশাপ ব্যাখ্যা কৰে। ডেকাই মঙলদৈ গাঁৱৰ যুৱচামৰ উদ্যোগক প্ৰশংসা কৰি অসমৰ বাবে চানেকি আখ্যা দিয়ে। লক্ষনীয় যে, সাংসদ ডেকাৰ ১৫ বছৰীয়া কাৰ্যকালত মঙলদৈ লোকসভা সমষ্টিত সাংসদ উন্নয়ণ পুজিৰ ধন বিতৰণত এটা ফুটাকড়িৰো কমিচন নোলোৱাৰ সূত্ৰে ৰাইজৰ মাজত অত্যন্ত জনপ্ৰিয় আৰু আজি ৰাইজৰ বিপুল সহাৰিয়ে পুনৰবাৰ দ্বিগজ দুই ব্যক্তিৰ ব্যক্তিত্বও পোহৰাই তোলা পৰিলক্ষিত হয়। কাৰ্যসূচীত সাধাৰণ ৰাইজে নিৰ্ধাৰিত ৫ হেজাৰৰ সলনি ৬ হেজাৰোধিক বন্তি প্ৰজ্বলিত কৰি পোহৰাই তোলে মঙলদৈ।