হৃদয়বিদাৰক! দেৱালীৰ বন্তিয়ে প্ৰাণ কাঢ়িলে বোকানলাৰ এগৰাকী কণমানিৰ
অগ্নিদগ্ধ হৈ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটিল ৫ বছৰীয়া শিশুৰ শোকগ্ৰস্ত চিয়াজুলী
নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ: পোহৰৰ উৎসৱ দেৱালীৰ সমান্তৰালকৈ ৰাজ্যৰ চৌদিশে তিহাৰ উৎসৱৰ উলাহ আনন্দ অব্যাহত থকাৰ সময়তে লখিমপুৰ জিলাৰ চিয়াজুলী অঞ্চলৰ এগৰাকী ৫ বছৰীয়া কণমাণিৰ প্ৰাণ কাঢ়িলে দেৱালীৰ বন্তিয়ে।
জানিব পৰা মতে গাঁওখনৰ ২নং লালপানী হাইস্কুলৰ সংস্কৃত বিষয় শিক্ষক সোমনাথ উপাধ্যায় আৰু মায়া দেৱীৰ কণিষ্ঠা কন্যা মন্দিৰা দেৱী নামৰ ৫ বছৰীয়া শিশুয়ে দেৱালীৰ সন্ধিয়া ঘৰৰ পৰা লগ সমনীয়াৰ সৈতে ভৈলী খেলিবলৈ গৈ নিজৰ পদুলিমুখত জ্বলি থকা বন্তিৰ জুই পিন্ধি থকা কাপোৰত লাগি বেয়াকৈ অগ্নিদগ্ধ হয়। ফলত গুৰুতৰভাৱে আহত হোৱা শিশুটিক পৰিয়ালৰ লোকে ততালিকে চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে নিয়ে, যদিও কঁকালৰ তলৰ অংশ সম্পূৰ্ণৰূপে বেয়াকৈ অগ্নিদগ্ধ হৈ মৃত্যু সতে যুঁজি থকা কণমানিজনীক স্বাস্থ্যৰ অৱস্থা গুৰুতৰ দেখি চিকিৎসালয় কৰ্তৃপক্ষই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। যদিও চিকিতসাধীন অৱস্থাতে কালি নিশা কণমানিজনীয়ে অকাল মৃত্যুক সাৱটি লয়। এই ঘটনাৰ পিছতে জাতীয় বিদ্যালয় চিয়াজুলীত মুকুল শ্ৰেণীৰ ছাত্ৰীৰ দুৰ্ভাগ্যজনক মৃত্যুত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ লগতে সমগ্ৰ চিয়াজুলী বাসী ৰাইজ শোকত ম্ৰিয়মান হৈ পৰিছে। ফটো আছে।
প্ৰেৰক: ভূবন গৌতম