নিয়মীয়া বার্তা, ৭ নৱেম্বৰ: মহাৰাষ্ট্রৰ আহমেদনগৰ জিলা হাস্পতালত সংঘটিত বিধ্বংসী অগ্ণিকাণ্ডত আই চি ইউত চিকিৎসাধীন ১১ ৰোগীৰ কৰুণ মৃত্যু হয়৷ ১৭জন ৰোগী চিকিৎসাধীন হৈ থকা আই চি ইউ কক্ষত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ১১জন ক’ভিড ৰোগী অগ্নিদগ্ধ হৈ ঘটনাস্থলীতে মৃত্যু ঘটাৰ বিপৰীতে আন ৬জন ৰোগী গুৰুতৰভাৱে আহত হৈছে৷ জুয়ে আগুৰি ধৰাৰ ফলত হাস্পতালখনত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়৷
আহমেদনগৰ জিলা হাস্পতালৰ অগ্নিকাণ্ড সন্দর্ভত জিলা উপায়ুক্ত ৰাজেন্দ্র ভোছলেই প্রকাশ কৰা মতে, আজি দিনৰ প্রায় ১১ বজাত জিলা হাস্পতালখনৰ আই চি ইউত জুই লাগে৷ জুয়ে ততালিকে সমগ্র আই চি ইউ কক্ষ বেৰি ধৰাত থিতাতে ১১জন ক’ভিড ৰোগী দগ্ধ হৈ মৃত্যুমুখত পৰে৷ আনপিনে এই ঘটনাত ৬জন ৰোগী গুৰুতৰভাৱে আহত হৈছে৷ হাস্পতালখনত জুই লগাৰ পাছতেই চাৰিখন অগ্নিনির্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও ইয়াৰ পূর্বেই এই জুয়ে আই চি ইউকে ধৰি বিভিন্ন কক্ষলৈ সম্প্রসাৰিত হয়৷
অগ্নিনির্বাপক বাহিনীয়ে জুই নিয়ন্ত্রণলৈ অনাৰ পূর্বে আই চি ইউত চিকিৎসাধীন হৈ থকা ১১ ৰোগীৰ মৃত্যু ঘটে৷ জুইত আহত আন ৬গৰাকী ৰোগীক আন স্থানলৈ স্থানান্তৰ কৰে৷ এই শোকাৱহ ঘটনাৰ পাছতে মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মৃত্যু হোৱা ৰোগীৰ আত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰে৷ তদুপৰি এই ঘটনাৰ উচ্চস্তৰীয় তদন্তৰো নির্দেশ দিয়ে৷
ইপিনে আহমেদনগৰ জিলা হাস্পতালত সংঘটিত বিধ্বংসী অগ্ণিকাণ্ডত ১১ ৰোগীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এক টুইটযোগে প্রধানমন্ত্রীগৰাকীয়্ শোক প্রকাশ কৰি মৃতকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতৰ শীঘ্রে আশু আৰোগ্য কামনা কৰে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে টুইটযোগে শোকাৱহ ঘটনাত মৃত্যু ঘটা ৰোগীৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰি প্রাণ হেৰুওৱাসকলৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰে৷ এই ঘটনাৰ তদন্তৰ দাবী জনাইছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ প্রাক্তন মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নাভিছে৷