নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত শীঘ্রে হ্রাস পাব মূল্যবৃদ্ধি

ৰাজ্যবাসীক আশ্বস্ত কৰি মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ চৰকাৰে জনসাধাৰণক দি অহা বিনামূলীয়া চাউল বন্ধ হোৱা নাই৷ –আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’ভিড পৰিস্থিতিৰ বাবে যোৱা এপ্রিল মাহৰ পৰা নৱেম্বৰ মাহলৈ অতিৰিক্তভাৱে যি চাউল দিছিল, সেয়াহে বন্ধ হ’ব৷ সেয়া সম্পূর্ণ অস্থায়ী ব্যৱস্থা আছিল৷ ক’ভিড পৰিস্থিতিৰ বাবেহে সেই চাউল দিয়া হৈছিল৷ কিন্তু কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে খাদ্য সুৰক্ষাৰ অধীনত প্রত্যেককে প্রদান কৰা বিনামূলীয়া ৫ কিলোগ্রাম চাউল পাই থাকিব৷ এই চাউল বন্ধ কৰা হোৱা নাই৷

সেইদৰে মূল্যবৃদ্ধিৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই মূল্যবৃদ্ধি লাহে লাহে কমি আহিব বুলি ৰাইজক আশ্বস্ত কৰি কয় যে অসমত ইতিমধ্যে পেট্র’ল–ডিজেলৰ দাম কমি আহিছে৷ অসমত পেট্র’ল–ডিজেলৰ দাম দেশৰ ভিতৰতে সর্বনিম্ন দুই নম্বৰ স্থানত৷ তালিকাৰ তলৰ পৰা দুই নম্বৰ স্থানত আছে অসমৰ পেট্র’ল–ডিজেলৰ দাম৷ যিহেতু পেট্র’ল–ডিজেলৰ যিহেতু পেট্র’ল–ডিজেলৰ দাম কমিছে, সেয়ে নিত্য ব্যৱহার্য সামগ্রীকে ধৰি খাদ্য–সামগ্রীৰ দামো কমি আহিব বুলি তেওঁ মন্তব্য কৰে৷

You might also like