নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসামাজিক কার্যকলাপৰ ঘাটিত পৰিণত উলুবাৰী ভলভ’ পইণ্ঢ

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ পল্টনবজাৰ থানাৰ পৰা মাত্র কেইশমিটাৰ মান আঁতৰতে থকা উলুবাৰী ভলভ’ পইণ্টত দীর্ঘদিন ধৰি অসামাজিক কার্যকলাপ চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে৷ অভিযোগ অনুসৰি, একাংশ অচিনাক্ত লোকে ভলভ’ পইণ্ট আৰু এএছটিচি কলনীৰ ৰাস্তাত অবৈধভাৱে পার্কিং কৰি পুৱাৰ পৰা দুপৰ নিশালৈকে অসামাজিক কার্যকলাপ চলাই আহিছে৷ অচিনাক্ত এই লোকসকলে পুৱাৰে পৰা ভলভ’ পইণ্টত সুৰা আৰু জুৱাৰ আড্ডা পাতি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি আহিছে৷ স্থানীয় ৰাইজে এই অচিনাক্ত লোকসকলক বহুবাৰ উক্ত স্থানত সুৰা আৰু জুৱাৰ আড্ডা নাপাতিবলৈ অনুৰোধ কৰি আহিছে যদিও এইক্ষেত্রত কোনো গুৰুত্ব প্রদান নকৰিলে অসাধু লোকসকলে৷

উলুবাৰী ভলভ’ পইণ্টত চলি থকা অসামাজিক কার্যকলাপৰ ঘাটিটো উচ্ছেদ কৰাৰ বাবে অৱশেষত স্থানীয় ৰাইজে আৰক্ষীৰ কাষ চাপে৷ দেওবাৰে স্থানীয় ৰাইজে ভলভ’ পইণ্টত চলি থকা অসামাজিক কার্যকলাপ আৰু অবৈধ পার্কিঙৰ বিৰুদ্ধে লিখিতভাৱে পল্টনবজাৰ থানাত অভিযোগ দাখিল কৰে৷ পল্টনবজাৰ আৰক্ষীয়ে ৰাইজৰ অভিযোগ গুৰুত্বসহকাৰে গ্রহণ কৰি শীঘ্রে এইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰাৰ আশ্বাস প্রদান কৰে৷ অৱশ্যে মহানগৰ আৰক্ষীয়ে ভলভ’ পইণ্টত চলি থকা অসামাজিক কার্যকলাপ ৰোধ কৰাৰ ক্ষেত্রত কিমানদূৰ সফল হয়, সেয়া সময়তহে লক্ষণীয় হ’ব৷

You might also like