নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণ্ডুঘাটত চাৰিখন নতুন যাত্ৰীবাহী জাহাজ উদ্বোধন মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ  আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফ্লেগ অফ কৰি গুৱাহাটীৰ পাণ্ডু বন্দৰত চাৰিখন ষ্টিল কেটামাৰান জাহাজৰ শুভ উদ্বোধন কৰে। এই অত্যাধুনিক জাহাজকেইখনৰ দুখন মাজুলীত ব্ৰহ্মপুত্ৰৰ ওপৰেৰে আৰু আন দুখন গুৱাহাটী-উত্তৰ গুৱাহাটী আৰু উজানবজাৰ-উমানন্দৰ মাজত চলাচল কৰিব।
অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সেৱাৰ মান অধিক উন্নত তথা পৰিৱৰ্তন কৰিবলৈ আৰু ফেৰী সেৱাক অসমৰ বহল পৰিবহণ নেটৱৰ্ক প্ৰণালীৰ সৈতে একত্ৰিত কৰিবলৈ বিশ্ব বেংকৰ অনুদানপ্ৰাপ্ত প্ৰকল্পৰ অধীনত এই জাহাজসমূহ মুকলি কৰা হয়।
লগতে এই অনুষ্ঠানতে উমানন্দ ফেৰী সেৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ই-টিকট ব্যৱস্থাৰো আৰম্ভণি কৰে, যাৰ দ্বাৰা পৰ্যটকসকলৰ বাবে ঘাটৰ কাউণ্টাৰত টিকট বুকিঙৰ উপৰি ফেৰী পৰিচালনা ব্যৱস্থা যথেষ্ট উন্নত হ’ব।
অনুষ্ঠানটিত মুখ্যমন্ত্ৰীয়ে অৱগত কৰে যে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰযুক্তিগত উন্নয়নৰ জৰিয়তে ৰাজ্যখনত নদী পৰিবহণ ব্যৱস্থাক পুনৰুজ্জীৱিতকৰণৰ কাম অব্যাহত আছে। তদুপৰি গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱাৰ বাবেও শীঘ্ৰেই ই-টিকট ব্যৱস্থাৰ আৰম্ভ কৰাৰ কথা উল্লেখ কৰাৰ লগতে নদী পৰিবহণ ব্যৱস্থাক অধিক সুবিধাযুক্ত আৰু সুৰক্ষিত কৰাৰ বাবে ৰাজ্যখনত একক ইঞ্জিনযুক্ত ৮৫৩খন নাও সামুদ্ৰিক ইঞ্জিনযুক্ত কৰাৰ পদক্ষেপ অব্যাহত ৰখাৰ কথাও তেখেতে দোহাৰে।
অনুষ্ঠানটিত মুখ্যমন্ত্ৰীৰ সৈতে মাননীয় মন্ত্ৰী শ্ৰীচন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত আছিল।
You might also like