নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ বিদায়ী মেচত বৃহৎ জয় ভাৰতৰঃ অধিনায়কৰ ৰূপত অন্তিমখন টি–২০ খেলিলে কোহলিয়ে

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ ছেমিফাইনেলৰ দৌৰৰ পৰা বাহিৰ হোৱা টীম ইণ্ডিয়াই বৃহৎ জয়েৰে টি–২০ বিশ্বকাপত অভিযান সামৰিছে৷ ডুবাইত কালি অনুষ্ঠিত ছুপাৰ ১২ ৰাউণ্ডৰ গ্রুপ ২ৰ অন্তিমখন মেচত বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই নামিবিয়াক ৯ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ১৩৩ ৰানৰ পিছ লৈ দলটোৱে মাত্র এটা উইকেট হেৰুৱাই ২৮টা বল বাকী থকা অৱস্থাত জয়ৰ লক্ষ্য অতিক্রম কৰে৷ অ’পেনাৰ ৰোহিত শর্মা আৰু লোকেশ ৰাহুলে প্রথম উইকেটত ৮৬ ৰান যোগ দি ভাৰতৰ জয় সহজ কৰি তোলে৷

ৰোহিতে ৩৭ বলত ৭টা বাউণ্ডেৰী আৰু অ’ভাৰ বাউণ্ডেৰীৰ সহায়ত ৫৬ ৰানৰ অৰিহণা আগবঢ়ায়৷ ৰাহুলে ৩৬ বলত চাৰিটা বাউণ্ডেৰী আৰু দুটা ছিক্সাৰৰ সহায়ত অপৰাজিতভাৱে ৫৪ ৰান সংগ্রহ কৰে৷ সূর্যকুমাৰ যাদৱে ১৯টা বল খেলি চাৰিটা বাউণ্ডেৰীৰে ২৫ ৰানত অপৰাজিত হৈ ৰয়৷ ইয়াৰ পূর্বে ভাৰতৰ আমন্ত্রণক্রমে ইনিংছ মুকলি কৰি নামিবিয়াই নির্ধাৰিত ২০ অ’ভাৰত ৮ উইকেটৰ বিনিময়ত ১৩২ ৰান সংগ্রহ কৰে৷ ভাৰতৰ হৈ তাৰকা স্পিনাৰ ৰবীন্দ্র জাদেজাই মাত্র ১৬ ৰান ব্যয় কৰি তিনিটা উইকেট দখল কৰিবলৈ সক্ষম হয়৷

অফ স্পিনাৰ ৰবিচন্দ্রন অশ্বিনে ২০ ৰানৰ বিনিময়ত ৩টা উইকেট পায়৷ বেগী বলাৰ যশপ্রীত বুমৰাহে ১৯ ৰানত দুটা উইকেট লাভ কৰে৷

মন কৰিবলগীয়া যে অধিনায়কৰ ৰূপত বিৰাট কোহলিয়ে কালি কেৰিয়াৰৰ অন্তিমখন টি–২০ মেচ খেলে৷ টি–২০ বিশ্বকাপৰ সামৰণিৰ পিছতে টি–২০ৰ নেতৃত্ব ত্যাগ কৰিব বুলি তাৰকাগৰাকীয়ে মেগা ইভেণ্টখনৰ পূর্বেই ঘোষণা কৰিছিল৷ ৰবি শাস্ত্রীৰ বাবেও প্রশিক্ষক হিচাপে কালি অন্তিমখন মেচ আছিল৷ টি–২০ বিশ্বকাপৰ সামৰণিৰ লগে লগে তেওঁৰ চুক্তিৰ ম্যাদ অন্ত পৰিব আৰু ৰাহুল দ্রাবিড়ে ভাৰতীয় দলৰ মুখ্য প্রশিক্ষকৰ দায়িত্ব চম্ভালিব৷ ২০১২ৰ পিছত ভাৰতে প্রথমবাৰৰ বাবে টি–২০ বিশ্বকাপৰ গ্রুপ পর্যায়ৰ পৰাই বিদায় মাগিছে৷

You might also like