ভোগপুৰ সত্ৰত সত্ৰাধিকাৰ দত্ত দেব গোস্বামীৰ “জ্ঞান চক্ষু” উন্মোচন মৃণালিনী দেৱীৰ
নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ আজি মাজুলীত উপস্থিত হয় অসম সাহিত্য সভাৰ উপ-সভাপতি তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্ম্মাৰ মাতৃ মৃণালিনী দেৱী, জেষ্ঠ ভাতৃ দিগন্ত বিশ্ব শৰ্ম্মা আৰু তেওঁৰ সহধৰ্মিণী দিপামণি গোস্বামী। পুৱা ফেৰীৰে কমলাবাৰী ঘাটত উপস্থিত হোৱা অসম সাহিত্য সভাৰ উপ-সভানেত্ৰীগৰাকীক কমলাবাৰী ঘাটত আদৰণী জনায় মাজুলী জিলা সাহিত্য সভাৰ বিষয়ববীয়া তথা মাজুলীৰ বিভিন্নজন ব্যক্তিয়ে।
ইপিনে বৰ্ণমালা প্ৰকাশনৰ উদ্যোগত “শ্ৰী শ্ৰী ভোগপুৰ সত্ৰত আজি গ্ৰন্থ উন্মোচনী সভা” অনুস্থিত কৰা হয়। শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ চতুৰ্দশ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দত্ত দেৱ গোস্বামীৰ “জ্ঞান চক্ষু” নামৰ আধ্যাত্মিক তত্বৰ এখনি গ্ৰন্থ আজি শ্ৰী শ্ৰী ভোগপুৰ সত্ৰত অনুস্থিত এখনি সভাত শুভ উন্মোচন কৰা হয়।
বৰ্ণমালা প্ৰকাশনৰ উদ্যোগত আয়োজিত সভাত মাজুলীত উপস্থিত হোৱা অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে গ্ৰন্থখনি শুভ উন্মোচন কৰে। মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত মাজুলী জিলা উপায়ুক্ত পুলক মহন্ত আৰু আৰক্ষী অধীক্ষক গৌতম বৰা ,সাহিত্য একাডেমী অনুবাদ সাহিত্য বঁটা প্ৰাপক দিগন্ত বিশ্ব শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে।
input: প্ৰাঞ্জল খাউণ্ড, মাজুলী