দুলীয়াজানৰ মেধা ফাউণ্ডেচনৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ
নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ দুলীয়াজানৰ শৈক্ষিক সামাজিক সংগঠন মেধা ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু ভাদৈ শাখা ছাত্ৰ সন্থাৰ আতিথ্যত আজি দুলীয়াজান আৰু নাহৰকটীয়া সমষ্টিৰ সীমামূৰীয়া ভাদৈৰ বেতনি গাঁৱৰ খেলপথাৰত বিনামূূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত সহযোগ আগবঢ়াই অইল ইণ্ডিয়া চিকিৎসালয়, বেতনি যুৱক সংঘ আৰু দুলীয়াজান ৰ’ট্ৰেক ক্লাবে।
অইল ইণ্ডিয়াৰ চিকিৎসকদ্বয় দীপজ্যোতি চেতিয়া আৰু চাকিব আলমৰ তত্বাৱধানত স্বাস্থ্য শিবিৰটোত প্ৰায় ২০০ গৰাকী ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদানৰ লগতে ঔষধো যোগান ধৰা হয় । এই কাৰ্যসূচীত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনিল গগৈ, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক কনক গগৈ, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বুবুল তালুকদাৰ, ভাদৈ শাখা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰূপাঞ্জিত ৰাজগিৰি, সভাপতি মনজিৎ গগৈ, সম্পাদক সমীৰণ গগৈ আৰু মেধা ফাউণ্ডেশ্যনৰ উপদেষ্টা নিৰ্মালি শইকীয়া, অধ্যক্ষ বেদান্ত প্ৰসাদ বৰুৱা, সম্পাদক বিপ্লৱ কলিতা, সহকাৰী সম্পাদক অনাবিল গোস্বামী আৰু যুটীয়া মুখ্য সংগঠক চিন্ময় গগৈ।