আগষ্টত আৰম্ভ হ’ব গেৰুকামুখ বান্ধৰ দুটা ইউনিট
ৰাজ্যৰ দল–সংগঠনৰ প্রতিবাদক নেওচি এনএইচপিচিৰ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ নামনিত পৰিব পৰা প্রভাৱৰ বিষয়ে অধ্যয়ন নকৰাকৈয়ে অসম–ৰুণাচল সীমান্তৱর্তী গেৰুকামুখত নির্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাম সম্পূর্ণ নকৰিবলৈ ৰাজ্যবাসীয়ে কৰি অহা আহ্বানক একপ্রকাৰ নস্যাৎ কৰিছে নির্মাণকাৰী সংস্থা এন এইচ পি চিয়ে৷ বিগত বর্ষসমূহত সোৱণশিৰিৰ বানত বৃহৎ নদীবান্ধটোৰ বিস্তৰ ক্ষতি হোৱাৰ পাছত নামনিত বাস কৰা লোকসকলৰ মনত সৃষ্টি হোৱা আশংকা অধিক বৃদ্ধি কৰি অহা বর্ষৰ আগষ্ট মাহৰ ভিতৰতে প্রকল্পটোত বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ হ’ব বুলি আনুষ্ঠানিকভাৱে প্রকাশ কৰা হৈছে৷ সংসদীয় ষ্টেণ্ডিং কমিটীৰ ১১জনীয়া এটা দলে কালি এই বৃহৎ নদীবান্ধৰ নির্মাণকার্যৰ অগ্রগতিৰ বুজ লোৱাৰ সময়তে আগষ্টৰ ভিতৰত বিদ্যুৎ উৎপাদন কৰাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰিছে বুলি প্রকাশ কৰিছে এন এইচ পি চিৰ মুখ্য পৰিচালন সঞ্চালক এ কে সিঙে৷
পৰিদর্শনকাৰী কমিটীক বৃহৎ নদীবান্ধটোৰ নির্মাণৰ বিভিন্ন প্রক্রিয়া সন্দর্ভত অৱগত কৰি সিঙে কয় যে এই প্রকল্পৰ গুৰু অংশসমূহৰ কাম–কাজ নির্ধাৰিত সময় মতেই সম্পূর্ণ কৰা হ’ব, যাতে ২০২২ চনৰ আগষ্টৰ ভিতৰত দুটা ইউনিটৰ কাম আৰম্ভ কৰিব পৰা যায়৷ এই দুটা ইউনিটৰ কাম আৰম্ভ কৰি ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে প্রস্তুতি সম্পূর্ণ কৰা হৈছে বুলিও সিঙে ষ্টেণ্ডিং কমিটীক অৱগত কৰে৷ ইয়াৰ লগে লগে দীর্ঘদিন ধৰি বৃহৎ নদীবান্ধটোৰ বিৰোধিতা কৰি অহা ৰাজ্যবাসী আৰু দল–সংগঠনৰ মতামতক যে নির্মাণকাৰী সংস্থাটোৱে কোনো গুৰুত্ব প্রদান কৰা নাই, সেয়া পুনৰ এবাৰ স্পষ্ট হৈ পৰিল৷ দীঘলীয়া আইনী যুঁজৰ অন্তত সেউজ সংকেত লাভ কৰাৰ লগে লগে এন এইচ পি চিয়ে বৃহৎ নদীবান্ধৰ কাম দ্রুতগতিৰে আগুৱাই নিছে৷ ক’ভিড মহামাৰীৰ বাবে ঘোষণা কৰা লকডাউন আৰু কঠোৰ নীতি–নির্দেশনাৰ সময়তো দিনে–নিশাই নদীবান্ধৰ কাম আগুৱাই নিছে নির্মাণকাৰী সংস্থাটোৱে৷ যাৰ বাবে মূল বান্ধকে ধৰি সমগ্র প্রকল্পটোৰ নির্মাণকার্য ৭০ শতাংশৰো অধিক সম্পূর্ণ হৈছে৷ সম্প্রতি পাৱাৰ হাউছ আৰু অন্যান্য কাম শীঘ্রে সম্পূর্ণ কৰিবলৈ উঠিপৰি লাগিছে এন এইচ পি চি৷
ভূমিকম্পপ্রৱণ অঞ্চল হোৱা বাবে অসম–অৰুণাচল সীমান্তৱর্তী অঞ্চলটো বৃহৎ নদীবান্ধ নির্মাণৰ বাবে সুচল নহয় বুলি বিশেষজ্ঞই মত প্রকাশ কৰি আহিছে যদিও নির্মাণকাৰী সংস্থাটোৱে এই মতামতক নেওচি নদীবান্ধৰ কাম সম্পূর্ণ কৰিবলৈ পদক্ষেপ গ্রহণ কৰিছে৷ আনকি ৰাজ্যৰ দল–সংগঠসমূহেও এই বৃহৎ নদীবান্ধৰ তীব্র বিৰোধিতা কৰি আহিছে৷ বিশেষকৈ বাৰিষাৰ সময়ছোৱাত সোৱণশিৰিৰ ধলে বৃহৎ নদীবান্ধটোৰ গার্ডৱাল, কাফেৰ বান্ধ, টানেল আদি খহাই নিয়াৰ পাছত নদীবান্ধটোৰ নির্মাণকার্যক লৈ নামনিত বাস কৰা লোকসকলৰ মনত শংকা সৃষ্টি হৈছে৷ এই নদীবান্ধটো সম্পূর্ণ সুৰক্ষিত হ’বনে, তাক লৈও প্রশ্ণ উত্থাপন হৈ আহিছে নামনিত বসবাস কৰা লোকসকলৰ মনত৷ ইয়াৰ মাজতে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, সদৌ অসম ছাত্র সন্থা, কৃষক মুক্তি সংগ্রাম সমিতিকে ধৰি বহু দল–সংগঠনে এই নদীবান্ধ নির্মাণৰ বিৰোধিতা কৰি আহিছে৷ সঠিকভাৱে অধ্যয়ন নকৰাকৈ নির্মাণ কৰিলে ভৱিষ্যতে এই নদীবান্ধৰ পৰা নামনিত বসবাস কৰা লোকসকল ভয়াৱহ বিপদৰ সন্মুখীন হোৱাৰো আশংকা কৰি আহিছে এই দল–সংগঠনসমূহে৷ ইয়াৰ মাজতে সংসদীয় ষ্টেণ্ডিং কমিটীয়ে নদীবান্ধটো পৰিদর্শন কৰা কার্যই ৰাইজক অধিক শংকিত কৰি তুলিছে৷ এই পৰিদর্শন কালত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কার্যবাহী সঞ্চালক বিপিন গুপ্তাই ষ্টেণ্ডিং কমিটীক অৱগত কৰে যে ক’ভিড মহামাৰী, বানপানীকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ অহা সত্ত্বেও এই প্রকল্প নির্মাণৰ কাম ব্যাঘাত নজন্মোৱাকৈ আগুৱাই নিয়া হৈছে৷ এই কমিটীখনেও প্রকল্পৰ কাম–কাজৰ বুজ লৈ সন্তুষ্টি প্রকাশ কৰিছে বুলি সদৰী কৰিছে এন এইচ পি চি কর্তৃপক্ষই৷ উল্লেখ্য যে শক্তিৰ সংসদীয় ষ্টেণ্ডিং কমিটীখনৰ অধ্যক্ষ ৰাজীৱ ৰঞ্জন সিঙৰ নেতৃত্বত বৃহৎ নদীবান্ধটোৰ প্রকল্পস্থলী পৰিদর্শন কৰা ১১জনীয়া দলটোত আছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাও৷